প্ৰকাশ বৰাঃ ১৯৭৪ চনৰ কথা, মাজুলীৰ কেইবাখনো গাঁও তেতিয়া মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হৈ পৰিছিল। চৌপাশে মাত্ৰ হাহাকাৰ আৰু আৰ্তনাত। চকুৰ পলকতে নিজৰ আপোন ঘৰখন বিলীন হৈ পৰিছিল মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত। সেই পৰিস্থিতিৰ মাজত নিজৰ জীৱন সম্পদ বচাই পাৰলৈ উঠিছিল কমলাবাৰী, চিনাতলি, শালমৰা আদিৰ বহু গঞা ৰাইজ। সেই সময়ৰ প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ তত্বাৱধানত যোৰহাট জিলাৰ তিতাবৰৰ মহিমহাবাৰী গাঁৱত বান বিধ্বস্ত লোকসকলক পুনৰ সংস্থাপন কৰা হৈছিল। তেতিয়াৰ পৰাই বিভিন্ন উত্থান-পতনৰ মাজত তিতাবৰ সমষ্টিৰ ভিতৰত এখন জাকত-জিলিকা গাঁও হিচাপে পৰিগণিত হয় মহিমবাৰী আদৰ্শ গাঁও। উক্ত গাঁওখনে আজি সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে। কঠোৰ পৰিশ্ৰম আৰু সহহনশীলতাৰ আদৰ্শক বুকুত লৈ আগুৱাই যোৱা গাঁওখনৰ এতিয়া নদন-বদন ৰূপ। ঘৰে ঘৰে চৰকাৰী চাকৰিৰ লগতে ব্যৱসায়-বাণিজ্যত আগবঢ়া তিতাবৰ সমষ্টিৰ এখন আদৰ্শ গাঁও সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া গাওঁখনত এতিয়া উত্সৱমুখৰ পৰিবেশ। প্ৰায় ৫০০টা পৰিয়াল একেলগে এখন খেল এটা নামঘৰত মিলা-প্ৰীতিৰে থাকি উদযাপন কৰিব সোণালী জয়ন্তী। গাঁওখনৰ ডেকা-বৃদ্ধ, সকলো ব্যস্ত সোণালী জয়ন্তীৰ মহা আয়োজনত। অসম চৰকাৰৰ কেবিনেটৰ কেইবাজনো মন্ত্ৰী, বিধায়ক তথা বিশিষ্ট ব্যক্তি সকলক নিমন্ত্ৰণ জনাইছে সোণালী জয়ন্তীৰ অনুষ্ঠানলৈ। ১৭ পৰা ২৩মে’ লৈকে অনুষ্ঠিত হ’বলগা মূল কাৰ্যসূচীত ৫০খনৰো অধিক গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰাৰ লগতে মাজুলী, লখিমপুৰ আদিৰ জিলাৰ শুভাকাংখী ৰাইজে সহযোগিতা কৰিব। বাৰেৰহনীয়া
সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে সাংস্কৃতিক সন্ধ্যা আৰু ভাওনাৰ বিশাল কাৰ্যসূচীৰ আয়োজনৰ বিষয়ে অৱগত কৰে উদযাপন সমিতিৰ বিষয়-ববীয়া সকলে।