মা- দেউতা আমাৰ জীৱনৰ সকোলতকৈ প্ৰিয় আৰু বিশেষ উপহাৰ৷ সকলোৰে জীৱনৰ বিশেষ ব্যক্তি গৰাকী কোন বুলি সুধিলে নিশ্বয় মা দেউতাৰ নামেই ক’ব৷ কিন্তু কেৱল মানুহক দেখাই মা দেউতাৰ
কথা চিন্তা কৰাতকৈ অন্তৰৰ পৰা মা দেউতাৰ বাবে সেই সন্মান খিনি চিৰজীৱন জীয়াই ৰাখিব লাগে৷ মা দেউতাই কেঁচুৱা কালৰে পৰা যেনেকৈ আমাক কোনো স্বাৰ্থ নোহোৱাকৈ ডাঙৰ দীঘল কৰি পঢ়াই-
শুনাই ইমান খিনি কৰি তুলিলে যে আমি নিজেই সৰুৱেই হওঁক কিন্তু কিবা নহয় কিবা নিশ্বয় কৰিব পাৰোঁ৷ মা দেউতা আমাৰ জীৱনৰ একমাত্ৰ সাহস, শক্তি৷ এই পৃথিৱীখনৰ সৈতে যদি আমি যুঁজিব পাৰিছো
তেন্তে কেৱল মা দেউতাৰ বাবে৷ আমি মা দেউতাৰ বাবে যিমানেই নকৰোঁ কিয় কোনোদিনে মা দেউতাই আমাৰ বাবে কৰা সকলো কামৰ তুলনা কৰিব নোৱাৰোঁ, কোনেবাখিনিত আমি যেনেকৈয়ে নহওঁ পিছ হুহুকি
আহিব লগা হয় কিন্তু মা দেউতাই পিছলৈ ঘূৰি নাচায়, চাই কেৱল আগলৈ, আমাৰ ভৱিষ্যতলৈ৷ আমাৰ বাবে হাজাৰ বাধাৰ সম্মুখীন হৈ বাটৰ কাইটৰ সৈতে যুঁজি জীৱন পথত আগুৱাই নিয়া আমাৰ সাহস হৈছে আমাৰ মা-দেউতা৷ মা-দেউতাৰ বাবে বিশেষ এটা দিনৰ প্ৰয়োজন নাই, কাৰণ মা-দেউতাৰ নামত প্ৰতিটো দিনেই বিশেষ, প্ৰতিটো দিনেই মা-দেউতাৰ নামত৷