সচৰাচৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা এবিধ পুষ্টিকৰ ফল হৈছে কল, শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে প্ৰিয় এইবিধ ফল। কল ফলবিধৰ পৰা আৰম্ভ কৰি কলগছজোপালৈকে ইয়াৰ বহু উপকাৰিতা থকা দেখিব পোৱা যায়। এই ফলবিধৰ কোনো নিৰ্দিষ্ট সময় নাথাকে, সকলো সময়তে, প্ৰতিটো বতৰতে সহজতে লাভ কৰিব পাৰি এই কল। সাধাৰণতে কলত ভিটামিন চি, ফাইবাৰ আৰু মেগনেছিয়ামৰ লগতে ভিটামিন B-6ও থাকে। আনহাতে কলৰ পাতৰ পৰা বিভিন্ন ৰোগৰ উপশম হোৱা দেখিব পোৱা যায়।
কাৰণ কলৰ পাতত প্ৰচুৰ পৰিমাণৰ মেংগানিছিয়ামৰ লগতে ভিটামিন বি-৬ থাকে। সাধাৰণতে বহু লোকে মন্তব্য কৰে যে কলত বহু পৰিমাণে চেনি থাকে যাৰ ফলত ইয়াৰ সোৱাদ মিঠা, সেয়েহে ই মধুমেহ
থকা ৰোগীসকলৰ বাবে বৰ এটা উপকাৰী নহয়। কিন্তু এইটো এটা ভুল ধাৰণা, কলৰ গ্লাইচেমিক ইনডেক্স বহু পৰিমাণে কম যাৰ বাবে ডায়েবেটিছ ৰোগীসকলে কল খাব পাৰে।
কলত প্ৰচুৰ পৰিমাণে ফাইবাৰকে ধৰি অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান থাকে, যিয়ে ডায়েবেটিছ ৰোগীসকলৰ বাবে অতিকৈ উপকাৰী। ইয়াৰ ফলত বৃক্কৰ বাবে উপকাৰী বুলি কোৱা হয়।
ইয়াৰ উপৰিও কলৰ একাধিক ঔষধি গুণো আছে। কল হজমৰ বাবে অতি উত্তম বুলি গণ্য কৰা হয়। কলে ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে। দৈনিক কল খালে হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।