আমাৰ স্বাস্থ্য ভালে ৰখাত ক’লা নিমখ বৰ অপকাৰী। কেইবাবিধো আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰাত ক’লা নিমখ ব্যৱহাৰ কৰা হয়। ক’লা নিমখত অতি কমেও ৮০ বিধ বিভিন্ন খনিজ দ্ৰব্য নিহিত হৈ থাকে।এইবিলাক উপাদান আমাৰ শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী।ক’লা নিমখ মিহলাই লোৱা পানীয়ে আমাৰ শৰীৰৰ ভালেমান ৰোগ নিৰাময় কৰাৰ লগতে বহুতো ৰোগ প্ৰতিৰোধো কৰে।নিয়মীয়াকৈ ক’লা নিমখ খাই থাকিলে মেদবহুলতা,বদহজম আদি ভালেমান ৰোগৰ পৰা বাচি থাকিব পৰা যায়।
১. ক’লা নিমখে আমাৰ শৰীৰৰ অতিৰিক্ত চৰ্বি কমোৱাত সহায় কৰে ।সেয়ে ক’লা নিমখ মিহলি কৰি লোৱা পানী এগিলাচ দৈনিক সেৱন কৰি থাকিলে শৰীৰৰ অতিৰিক্ত ওজন বা বাঢ়ি অহা মেদ লাহে লাহে কমি আহিব।
২. ক’লা নিমখে আমাৰ পাচন তন্ত্ৰৰ পাচন ক্ষমতা ঠিকে ৰখাত সহায় কৰে।ক’লা নিমখে পেটৰ ভিতৰত হাইড্ৰোক্লৰিক এচিড আৰু প্ৰোটিন হজম কৰা এনজাইমবিলাক সক্ৰিয় কৰি তোলে।
৩. ক’লা নিমখে আমাৰ ছালখন স্বাস্থ্যৱান কৰি ৰখাতো সহায় কৰে।ক’লা নিমখত নিহিত থকা ছালফাৰ,জিংকৰ দৰে পুষ্টি উপাদানবিলাকৰ যোগান ধৰি ছালৰ মৃত আৰু শুকান কোষবিলাকৰ ক্ষতিপুৰন কৰি ছালখন সতেজ আৰু মসৃন কৰি ৰখাত সহায় কৰে।
৪. ক’লা নিমখে আমাৰ শৰীৰৰ হাড় আৰু অস্থিবিলাকো শক্তিশালী কৰি ৰাখে।ক’লা নিমখত থকা খনিজ উপাদানবিলাকে বয়সৰ লগে লগে ক্ৰমে ক্ষয় যোৱা হাড়ৰ খনিজ উপাদানবোৰৰ অভাৱ পুৰণ কৰি হাড়বোৰ শক্তিশালী কৰি ৰাখে।
৫. ক’লা নিমখ বা ক’লা নিমখ মিহলোৱা পানী নিয়মীয়াকৈ সেৱন কৰি থাকিলে চুলি বাঢ়িব আৰু চুলি ক’লা তথা ঘন হৈ পৰিব।ক’লা নিমখত থকা খনিজ উপাদানবিলাকে চুলিৰ বৃদ্ধিত সহায় কৰে আৰু চুলি ঘন হয়। নিয়মীয়াকৈ ক’লা নিমখযুক্ত পানী সেৱন কৰাৰ ফলত চুলি সৰা বন্ধ হয় উফি হোৱাৰ সমস্যাৰ পৰাও ৰক্ষা পৰে।
৬. ক’লা নিমখ মিহলোৱা পানী খালে ৰাতি ভাল টোপনি হয় আৰু পুৱা শুই উঠালৈকে মানুহৰ দেহ-মন সতেজ আৰু সক্ৰিয় হৈ থাকে।