যি সন্তানৰ বাবে নিজৰ পিতৃ-মাতৃয়ে দিন ৰাতি একাকাৰ কৰে, সেই সন্তানকেই পাষাণ পিতৃয়ে কৰিলে নিষ্ঠুৰভাৱে হত্যা। খবৰ অনুসৰি, নিজৰ ৬ বছৰীয়া সন্তানক ক্ষীণাবলৈ ট্ৰেড মিলত একেৰাহে দৌৰিবলৈ দিছিল পাষাণ পিতৃয়ে। প্ৰায় ৩ ঘণ্টা পৰ্যন্ত দৌৰাৰ পিছত দৌৰি থকা অৱস্থাতে ৬ বছৰীয়া সন্তানটিৰ মৃত্যু হয়। এই লোমহৰ্ষক ঘটনা সংঘটিত হৈছে।
তুলনামূলকভাৱে শকত হোৱাৰ বাবেই ৬ বছৰীয়া পুত্ৰক ট্ৰেড মিলত দৌৰিবলৈ বাধ্য কৰাইছে নিষ্ঠুৰ পিতৃজনে। ওজন কমাবলৈ তীব্ৰবেগী ট্ৰেডমিলত দৌৰিবলৈ বাধ্য কৰোৱা হৈছিল নিস্পাপ শিশুটিক। খবৰ অনুসৰি অভিযুক্ত পাষাণ পিতৃজন আমেৰিকাৰ নিউ জাৰ্চিৰ ষ্টোফাৰ গ্ৰেগৰ। নিজৰ ৬ বছৰীয়া পুত্র ক’ৰি মিচিঅ’লোকক এনে নিৰ্মম অত্যাচাৰ কৰি হত্যা কৰা পাষাণ পিতৃ নিউ জাৰ্চিৰ ষ্টোফাৰ গ্ৰেগৰ এই কাণ্ডক লৈ বৰ্তমান বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।