কৰোণা মহামাৰীৰে যুঁজি থকা সময়ত পুষ্টি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে চজিনা হ’ব পাৰে সৰ্ব শ্ৰেষ্ঠ বিকল্প৷ ই হৈছে এন্টিঅক্সিডেন্টৰ শক্তিক্ষেত্ৰ৷ সেয়েহে, চজিনাক চমৎকাৰী উদ্ভিদ বুলিও গণ্য কৰা হয়৷ চজিনাত ভিটামিন, খনিজ পদাৰ্থ, কেলচিয়াম, পটাছিয়াম বহু উপাদান থাকে৷ চজিনা কেৱল পাচলি হিচাপে খোৱাই নহয় আন বহু ধৰণে ইয়াক ব্যৱহাৰ কৰিব পাৰি৷ চজিনা ৰান্ধি খোৱাৰ উপৰি ইয়াৰ পাতবোৰ শুকুৱাইও ৰান্ধি খাব পাৰি৷ চজিনা গছৰ প্ৰায় সকলো অংশই ব্যৱহাৰ কৰিব পাৰি৷ চজিনাই মগজুৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে বহু পৰিমাণে স্মৃতি শক্তি বৃদ্ধিত সহায় কৰে৷
চজিনাত গাখীৰৰ তুলনাত ১৭ শতাংশ বেছি কেলছিয়াম পোৱা যায়, গাজৰৰ তুলনাত ১০ গুণ আধিক ভিটামিন এ পোৱা যায়৷ কমলাৰ তুলনাত ৭ গুণ অধিক ভিটামিন চি পোৱা যায়৷ আৰু পালেঙতকৈ ২৫ গুণ বেছি আয়ৰণ পোৱা যায়৷ সেয়ে অপুষ্টিৰ বিৰুদ্ধে যুঁজত চজিনা হৈছে সকলোতকৈ উত্তম খাদ্য৷ দেহৰ ছাল, চুলিৰ বাবেও চজিনা অতিকে উপকাৰী৷ বহুতে এই কথা নাজানে৷ মুখৰ প্ৰায় সকলো ধৰণৰ দাগৰ লগতে বিউটী ক্ৰীম বা প্ৰসাধন সামগ্ৰীত ব্যৱহাৰ কৰা হয়৷