1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:14 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পদক্ষেপ… নাথাকিব মধ্যভোগী!

  • Update Time : Wednesday, December 22, 2021

ডিজিটেল ডেস্কঃ ৰাজ্যত নাইকিয়া হ’ব মধ্যভোগী। দালালৰ পিছতেই এইবাৰ মধ্যভোগীক লৈ সৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মধ্যভোগীৰ গ্ৰাসত পৰি প্ৰকৃত কৃষকে উৎপাদিত ফচলৰ প্ৰকৃত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে যাৰ বাবে এই বিষয়টোক লৈ সৰৱ হৈছে এইবাৰ মুখ্যমন্ত্ৰীও৷ মধ্যভোগীৰ বিষয়টো উত্থাপন কৰাৰ পাছতে এই বিষয়টোত গুৰুত্ব প্ৰদানৰ বাবে সকলোকে আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ MSP-ৰ জৰিয়তে প্ৰতি কুইণ্টলত ১,৯৪০ টকাকৈ পাব ৰাজ্যৰ কৃষকে৷ অৱশ্যে এই প্ৰক্ৰিয়াৰ বাবে নাইকিয়া হ’ব মধ্যভোগীৰ দপদপনিও৷ আগন্তুক বিত্তীয় বৰ্ষৰ পৰা প্ৰযোজ্য হ’ব লগা এই ব্যৱস্থাত মাটিৰ সম্পূৰ্ণ নথি লাগিব কৃষকসকলক৷ বিধায়ক পুঁজিৰ ধনো এইক্ষেত্ৰত ব্যয় কৰিব পাৰিব বুলি সদনত জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

বিধানসভাৰ শীতকালীন অধিৱেশনৰ তৃতীয় দিনটোত ৰাজ্যৰ কৃষি ক্ষেত্ৰ, মৎস্য উৎপাদনকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়কলৈ আলোচনা সদনত৷ ৰাজ্যত মৎস্য উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি থলুৱা প্ৰজাতিৰ মাছ সংৰক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি জনাইছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷ প্ৰকল্পটোৰ বাবে প্ৰথম পৰ্যায়ত ১৬ কোটি টকা ব্যয় হ’ব বুলি জনাইছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। পূৰ্বৰ তুলনাত চালানী মাছৰ আমদানি হ্ৰাস পাইছে বুলিও কয় মন্ত্ৰীগৰাকীয়ে। ৰাজ্যত থকা মুঠ ১৪১ খন মীন পামৰ ভিতৰত ৫০ শতাংশ মীন পামেই কাৰ্যক্ষম হৈ আছে৷ অনতিপলমে বাকী মীন পামবোৰো পৰ্যায়ক্ৰমে উন্নীত কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ ৰাজ্যত ইতিমধ্যে মাছৰ পোনা উৎপাদনৰ কামো আৰম্ভ হৈছে বুলি জনাই মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে সদনত মন্ত্ৰী অতুল বৰাই জিলাই জিলাই ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছে বুলি জনোৱাৰ লগতে FCI, NCCF, কৃষি বিপণন পৰিষদেও ৰাজ্যত উৎপাদিত হোৱা ধান ক্ৰয় কৰিব বুলিও প্ৰকাশ কৰিছে৷ ধান ক্ৰয় কেন্দ্ৰ স্থাপনৰ বাবে প্ৰয়োজনীয় ধান-কল আৰু গুদামৰ অভাৱত বহু সমষ্টিত স্থাপন কৰিব পৰা নাই ধান ক্ৰয় কেন্দ্ৰ। এই অভাৱ দুৰ কৰিবলৈ বহু সমষ্টিত আৰম্ভ হৈছে ধান ক্ৰয় কেন্দ্ৰ৷ ৮০-৯০ লাখ মেট্ৰিক টন ধান উৎপাদন হোৱা ৰাজ্যত ক্ৰয় কৰিব মাত্ৰ ১০ লাখ মেট্ৰিক টন। অৱশ্যে বনাঞ্চল-বিবদমান অঞ্চলত ধান ক্ৰয়ত জটিলতা আছে বুলি উল্লেখ কৰে৷

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme