বিজ্ঞানীসকলে শেহতীয়াকৈ এটা ডাঙৰ কথা দাবী কৰা দৈখিব পোৱা গৈছে, তাৰকাৰাজ্যত আটাইতকৈ ডাঙৰ কৃষ্ণগহ্বৰৰ সন্ধান পাইছে বিজ্ঞানীলসকলে। এক গৱেষণা পত্ৰত ফ্ৰান্সৰ গৱেষকসকলে মঙলবাৰে এই কথা সদৰী কৰিছে।
এই কৃষ্ণগহ্বৰৰ ভৰ সূৰ্য্যৰ ৩৩ গুণতকৈ অধিক। নতুনকৈ আৱিস্কাৰ হোৱা এই কৃষ্ণগহ্বৰটোৰ নাম হৈছে গিয়া বি এইচ ৩।পেৰিছৰ মানৱ নিৰীক্ষণ কেন্দ্ৰৰ নেশ্যনেল চেণ্টাৰ ফৰ চাইন্টিফিক ৰিচাৰ্চৰ (চিএনআৰএছ) জ্যোতিৰ্বিজ্ঞানী পাস্কুৱেল পানুজোৱে কয় যে বিজ্ঞানীসকলে যথেষ্ট আকস্মিকভাৱে এই কৃষ্ণগহ্বৰটো আৱিষ্কাৰ কৰিছে।
এতিয়া এই কৃষ্ণগহ্বৰটো পৃথিৱীৰ পৰা ২০০০ আলোকবৰ্ষ দূৰত্বত থকা একুইলা গ্ৰহাণু থুপত BH3 নামেৰে চিনাক্ত কৰিছে। কৃষ্ণগহ্বৰৰ স্থান চিনাক্ত কৰাৰ পিছত বিজ্ঞানীসকলে ভূপৃষ্ঠীয় দূৰবীণ ব্যৱহাৰ কৰি ইয়াৰ অস্তিত্ব নিশ্চিত কৰা বুলি সদৰী কৰিছে।
এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে পানুজোৱে উল্লেখ কৰে যে ইমান বৃহৎ কৃষ্ণগহ্বৰ আমাৰ ইমান ওচৰত আৱিষ্কাৰ নোহোৱাকৈয়ে থাকিব পাৰে। এনে আৱিষ্কাৰ কৰাৰ সুযোগ গৱেষণা জীৱনত এবাৰহে লাভ কৰিব পৰা যায়।
লগতে তেওঁ উল্লেখ কৰে যে আমি আমাৰ সূৰ্য্যতকৈ অলপ সৰু আৰু উজ্জ্বল তৰা এটাই অদৃশ্য সংগীক প্ৰদক্ষিণ কৰা দেখিছিলোঁ। গিয়া বি এইচ ৩ হৈছে মূলতঃ এটা ষ্টেলাৰ ব্লেকহোল অৰ্থাৎ নক্ষত্ৰীয় কৃষ্ণগহ্বৰ,
সাধাৰণতে ত’ৰাৰ পতন হ’লে এনে ধৰণৰ এটা কৃষ্ণগহ্বৰৰ সৃষ্টি হোৱা দেখিব পোৱা যায়। আন অতিবৃহৎ কৃষ্ণগহ্বৰ গঠনৰ কাৰণ বৰ্তমান সময়তো জানিব পৰা হোৱা নাই।