1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:32 am

কিয়, কেনেকৈ ১এপ্ৰিলৰ দিনটো এপ্ৰিল ফুল বুলি বিখ্যাত?

  • Update Time : Monday, April 1, 2024

১ এপ্ৰিলৰ দিনটোক ‘এপ্ৰিল ফুল’ বুলি কোৱা হয়। কিন্তু কিয় পালন কৰা হয় জানেনে। হয়তো বহুতে নাজানে। আচলতে, এপ্ৰিল ফুল দিনটোৰ কাহিনীটো এনেধৰণৰ,
ষষ্ঠদশ শতিকাৰ মাজভাগৰ কথা। তেতিয়া ফ্ৰান্সৰ ৰজা আছিল চাৰ্লছ। সেই সময়ত ফ্ৰান্সৰ বছৰ গণনা আৰম্ভ হৈছিল এপ্ৰিল মাহৰ পৰা, অৰ্থাত ১এপ্ৰিল আছিল বছৰৰ প্ৰথম দিন। সেই দিনটোক নৱবৰ্ষৰ প্ৰথম দিন হিচাপে ধৰা হয়।
সেই সময়ত ফ্ৰান্সত এটা নিয়ম আছিল, প্ৰথাটো হল বছৰৰ প্ৰথম দিনা ফ্ৰান্সৰ প্ৰতিজন প্ৰজাই ৰজাক নৱবৰ্ষৰ উপহাৰ দিব লাগিব। উপহাৰ দিয়াটো বাধ্যতামূলক আছিল, উপহাৰ নিদিলে শাস্তি বিহিছিল। ১৫৬৪ চনৰ ১এপ্ৰিলৰ কথাটো
যেন অলপ বেলেগ হল। ৰজা চাৰ্লচে ঘোষণা কৰিলে যে আজিৰ পৰা ১ জানুৱাৰীৰ পৰাহে বছৰৰ আৰম্ভণি হব। এই কথা শুনি প্ৰজাৰ বহুত খং উঠিল, ইমান দূৰৰ পৰা ৰজাৰ বাবে উপহাৰ লৈ যোৱা পিছত এতিয়া কিয় ঘূৰি যাব।
প্ৰজাৰ খং প্ৰথমে বিক্ষোভলৈ পৰিণত হল। ৰজাৰ নতুন নীতিৰ প্ৰতিবাদ কৰিবলৈ সকলো প্ৰজা ৰাজপ্ৰসাদৰ ফালে আগবাঢ়িল। প্ৰজাৰ বিক্ষোভ দেখি ৰাজপ্ৰসাদৰ এজন কৰ্মচাৰীয়ে আগবাঢ়ি আহি উত্তেজিত জনতাক উদ্দেশ্যি কলে, ৰাইজ
আপোনালোকে অলপ ধৈৰ্য ধৰি মোৰ কথা শুনক। ৰজাই আপোনলোকৰ মংগলৰ কাৰণেই নতুন আদেশ ঘোষণা কৰিছে। ১জানুৱাৰীত নতুন বৰ্ষ আৰম্ভ হব হয় কিন্তু সেইদিনা প্ৰজাই ৰজাক একো উপহাৰ দিব নালাগে। সেইসময়ত প্ৰজাসকলে
চিন্তা কৰিলে যে, কামটো দেখোন প্ৰজাৰ ভালৰ বাবেই কৰিছে, তেওঁলোকে ৰজাৰ বিৰুদ্ধে মাত মাতি মূৰ্খামিহে কৰিলে, ৰজা চাৰ্লছে প্ৰত্যেককেই দেখোন মূৰ্খ কৰি পেলালে। সেই দিনাৰ পৰাই এপ্ৰিল মাহৰ ১ তাৰিখটো মূৰ্খৰ দিন হিচাপে পৰিগণিত হয়।
কোনোবাই কয় ‘অল ফুল ডে’ বা ‘সকলো মূৰ্খৰ দিন’, কোনোবাই কয় ‘এপ্ৰিল ফুল’। এইদৰেই ১৫৬৪ চনৰ পৰাই আজিলৈকে ১ এপ্ৰিলৰ দিনটো মিছা কথা কোৱা দিন হিচাপে উদযাপিত হৈ আহিছে। ফ্ৰান্সত জন্ম হলেও এপ্ৰিল ফুলক ইংৰাজসকলেহে সমগ্ৰ
বিশ্বতে জনপ্ৰিয় কৰি তোলে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme