1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:36 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

বিশ্ব ক্ৰিকেটত চেন্সেশন!একেখন মেচতে ১০টা ৰেকৰ্ড

  • Update Time : Thursday, March 28, 2024

IPL ২০২৪ত হায়দৰাবাদ আৰু মুম্বাইৰ মাজত হোৱা খেলৰ সময়ত এনে ১০টা অভিলেখ গঢ়িছিল যিয়ে বিশ্ব ক্ৰিকেটক স্তম্ভিত কৰি তুলিছে।
কালিৰ দিনটোত অৰ্থাৎ ২৭ মাৰ্চত অনুষ্ঠিত হৈছিল ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু মুম্বাই ইণ্ডিয়াছৰ মাজত অনুষ্ঠিত হৈছিল মেচ।

IPL ২০২৪ ৰ অষ্টমখন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ দলটোৱে দলৰ সৰ্বাধিক স্ক’ৰ কৰি এক ঐতিহাসিক অভিলেখৰ সৃষ্টি কৰে। খেলখনত ৩১ ৰানত পৰাস্ত হয় মুম্বাই ইণ্ডিয়ানছ। মেচখনত হায়দৰাবাদৰ বেটছমেনসকলে দৰ্শনীয় ৰূপত বেটিং কৰি ইতিহাসৰ সৃষ্টি কৰে। প্ৰথমে খেলি থকাৰ সময়ত হায়দৰাবাদে ২৭৭ ৰান সংগ্ৰহ কৰিছিল, তাৰ পিছত মুম্বাই ইণ্ডিয়ানছৰ দলে ২০ অভাৰত ৫ উইকেটত মাত্ৰ ২৪৬ ৰানহে কৰিব পাৰিছিল। এইদৰে হায়দৰাবাদে এই মেচখনত ৩১ ৰানত জয়লাভ কৰাত সফল হয়। অভিষেক শৰ্মাক ধুমুহাময় ইনিংছৰ বাবে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ দিয়া হৈছিল।

এই খেলখনত অভিষেক শৰ্মাই ২৩টা বলত ৬৩ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে হেনৰীক ক্লাচেনে ৩৪টা বলত ৮০ ৰানৰ অপৰাজিত ইনিংছ খেলে। ইয়াৰ উপৰিও মুম্বাই ইণ্ডিয়ানছৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে তিলক ভাৰ্মাই। ৩৪টা বলত ৬৪ ৰানৰ ইনিংছ খেলিছিল। এই মেচখনতো বহু অভিলেখ গঢ়ি উঠিছিল।

১. ২৭৭/৩ IPLৰ ইতিহাসত সৰ্ববৃহৎ দলীয় স্ক’ৰ:

এইটোৱেই হৈছে IPLৰ ইতিহাসত সৰ্ববৃহৎ দলীয় স্ক’ৰ। হায়দৰাবাদে আৰচিবিৰ ১১ বছৰীয়া অভিলেখ ভংগ কৰিলে। ২০১৩ চনত পুনে ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে ২০ অভাৰত ২৬৩/৫ ৰান সংগ্ৰহ কৰিছিল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে।

২. ৫২৩ ৰান (এখন মেচত সৰ্বাধিক ৰান):

হায়দৰাবাদে ২৭৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে লক্ষ্য খেদি মুম্বাই ইণ্ডিয়ানছে ২৪৬ ৰান সংগ্ৰহ কৰে। অৰ্থাৎ এখন মেচত মুঠ ৫২৩ ৰান সংগ্ৰহ কৰা হৈছিল, যিটো যিকোনো টি-২০ মেচত সৰ্বাধিক স্ক’ৰ। ইয়াৰ পূৰ্বে ২০২৩ চনৰ আৰম্ভণিতে চেঞ্চুৰিয়ানত দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হোৱা টি-২০ মেচখনত মুঠ ৫১৭ ৰান সংগ্ৰহ কৰা হৈছিল।

৩. সৰ্বাধিক ছয় (৩৮)

হায়দৰাবাদ আৰু মুম্বাইৰ মাজত অনুষ্ঠিত হোৱা খেলখনত মুঠ ৩৮টা ছয় কৰে। যিটো টি-২০ত সৰ্বাধিক ছয় কৰাৰ অভিলেখ। হায়দৰাবাদৰ ফালৰ পৰা ১৮টা ছয়ৰ বিপৰীতে মুম্বাই ফালৰ পৰা মুঠ ২০টা ছয় হয়।

৪. ২৪৬/৫:

হায়দৰাবাদৰ বিৰুদ্ধে খেলখনত মুম্বাই ইণ্ডিয়ানছে ২৪৬ ৰান সংগ্ৰহ কৰে, যিটো আই পি এলত টাৰ্গেট সম্পূৰ্ণ কৰিবলৈ যিকোনো দলে কৰা সৰ্বোত্তম স্ক’ৰ।

৫. ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাই ইতিহাস ৰচনা কৰে:
এটা দলৰ হৈ খেলি একেখন মেচতে ২০টাতকৈও কম বল খেলি অৰ্ধশতক সম্পূৰ্ণ কৰা আই পি এলৰ ইতিহাসত প্ৰথম বেটছমেন হিচাপে পৰিগণিত হয় ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মা।

৬. আই পি এলৰ অভিষেক মেচত কেনা মাফাকাই বলিং কৰাৰ সময়তে ৬৬ ৰান সংগ্ৰহ কৰে । আই পি এলৰ অভিষেকত সৰ্বাধিক ৰান কৰাৰ ক্ষেত্ৰত কেনা মাফাকা আটাইতকৈ ব্যয়বহুল বলাৰ হিচাপে পৰিগণিত হৈছে। এই কাম কৰি তেওঁ মাইকেল নেচাৰৰ অবাঞ্চিত অভিলেখ ভংগ কৰিছে। ২০১৩ চনত আৰ চি বিৰ বিৰুদ্ধে অভিষেক মেচত নেচাৰে ৪ অভাৰত ৬২ ৰান কৰিছিল।

৭. ১৬,১৮,২৩ আৰু ২৪ বলত অৰ্ধশতক:

এই মেচখনত ইমান ৰানৰ বৰষুণ হৈছিল যে ই কেৱল অনুৰাগীকে নহয় বিশ্ব ক্ৰিকেটকো আচৰিত কৰি তুলিছিল। অভিষেক শৰ্মাই ১৬টা বলত অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে ট্ৰেভিছ হেডে ১৮টা বলত পঞ্চাশ শতক সম্পূৰ্ণ কৰে। ইয়াৰ উপৰিও হেনৰিক ক্লাচেনে ২৩টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে। ইয়াৰ বাহিৰেও মুম্বাই ইণ্ডিয়ানছৰ তিলক ভাৰ্মাই ২৪টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰি আশ্চৰ্য্য কৰি তোলে সকলোকে।

৮. প্ৰথম ১০ অভাৰত সৰ্বাধিক ৰানঃ
মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথম ১০ অভাৰত মুঠ ১৪৮ ৰান সংগ্ৰহ কৰে। যিটো আই পি এলৰ ইনিংছৰ প্ৰথম ১০ অভাৰত যিকোনো দলে কৰা সৰ্বাধিক দ্ৰুত স্ক’ৰ।

৯. ২০০ ৰান:
ছানৰাইজাৰ্ছ হায়দৰাবাদে মুম্বাইৰ বিৰুদ্ধে খেলখনত মাত্ৰ ১৪.৪ অভাৰত ২০০ ৰান সম্পূৰ্ণ কৰিছিল। আই পি এলত যিকোনো দলৰ সৰ্বনিম্ন অভাৰত ২০০ ৰান সম্পূৰ্ণ কৰাৰ এইয়া এক অভিলেখ। এনে কৰি হায়দৰাবাদে আৰ চি বিৰ পুৰণি অভিলেখ ভংগ কৰিলে। ২০১৬ চনত ১৪.১ অভাৰত ২০০ ৰানৰ পৰিসংখ্যা স্পৰ্শ কৰিছিল আৰ চি বিয়ে।

১০. পাৱাৰ প্লে’ত ৮১ ৰানঃ
পাৱাৰ প্লে’ৰ সময়ত হায়দৰাবাদে ৮১ ৰান সংগ্ৰহ কৰে, যিটো আই পি এলত পাৱাৰ প্লে’ত দ্বিতীয় সৰ্বাধিক স্ক’ৰ। ইয়াৰ পূৰ্বে ২০১৭ চনৰ আই পি এলত পাৱাৰ প্লে’ৰ সময়ত কেকেআৰে ৭৯ ৰান সংগ্ৰহ কৰিছিল। আই পি এলৰ পাৱাৰ প্লে’ত সৰ্বাধিক স্ক’ৰ কৰাৰ অভিলেখ চি এছ কেৰ হাতত আছে। ২০১৫ চনৰ আই পি এলত পাৱাৰ প্লে’ৰ সময়ত চি এছ কেয়ে ৯০ ৰান সংগ্ৰহ কৰিছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme