1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:26 am

এইসমূহ কামে মানসিকভাৱে দুৰ্বল কৰিব পাৰে আপোনাৰ সন্তানক

  • Update Time : Sunday, March 17, 2024

মানসিক ভাৱে স্বাস্থ্যৰ অৱনতি ঘটাৰ সমস্যা বয়স বৃদ্ধি হোৱা লোকৰ ক্ষেত্ৰত বেছি হোৱা দেখা যায়৷ মানসিকভাৱে দুৰ্বল হোৱাৰ আঁৰত বহু কাৰণ থাকিব পাৰে৷ মানসিকভাৱে দুৰ্বল হোৱাৰ পৰা সৰুৰে পৰা শিশুসকলক আতৰত ৰাখিবলৈ চেষ্টা কৰক৷ শিশুসকলক মানসিকভাৱে সুস্থ কৰি ৰাখিবলৈ কি কৰিব লাগিব জানো আহক-
শিশুৰ সতে মুকলিকৈ কথা পাতক৷ শিশুসকল সৎ হয়, তেওঁলোকৰ সতে মুকলিকৈ কথা পাতিলে নিজৰ মনৰ কথা সকলো খুলি কয়৷ তেওঁলোকৰ সৈতে কথা বতৰা পাতক, দিনটো কেনেকৈ গ’ল, কি হ’ল সোধক৷ কিবা কথাই আমনি কৰিছে নেকি জানিবলৈ চেষ্টা কৰক৷
* মোবাইল বা কোনো নেতিবাচক কথাই শিশুটিৰ মনত বিৰূপ প্ৰভাৱ পেলাব পাৰে৷ শিশুসকলে মোবাইল বা নেতিবাচক কথাৰ প্ৰতি বেছি আকৰ্ষিত হয়, সেয়ে পৰাপক্ষত শিশুসকলৰ সন্মুখত ইতিবাচক কথাহে আলেচনা কৰিব লাগে৷
* আপোনাৰ সন্তানক আটাইতকৈ প্ৰয়োজন আপোনাৰ৷ গতিকে নিজৰ ব্যস্ততাৰ মাজতো অলপ সময় উলিয়াই সন্তানৰ সতে সময় কটাওঁক৷ তেওঁলোকৰ সতে সময় কটালে তেওঁলোকে নিৰাপত্তা অনুভৱ কৰে৷
* পিতৃ মাতৃৰ মাজত হোৱা কাজিয়াবোৰ সন্তানে সহজেই ধৰিব পাৰে৷ আপুনি যদি আপোনাৰ সন্তানৰ ভাল হোৱাটো বিচাৰে তেন্তে তেওঁলোকৰ আগত কাজিয়া বা তৰ্ক বিতৰ্ক কৰাটো বন্ধ কৰক৷
* শিশুৰ মনত অজস্ৰ প্ৰশ্নই ভুমুকিয়াই থাকে৷ তেনেস্থলত শিশুসকলে মাক দেউতাকক অজস্ৰ প্ৰশ্ন কৰি থকা দেখা যায়৷ কিন্তু কেতিয়াবা মাক দেউতাকে কামৰ হেঁচাত বা ঘৰুৱা সমস্যাৰ বাবে শিশুৰ ওপৰতে খং কৰে৷ কিন্তু তেনে কৰিলে শিশুৰ ওপৰত দীৰ্ঘস্থায়ী প্ৰভাৱ পেলাব পাৰে৷
* নিজৰ সন্তানটিক অকলশৰীয়া নকৰিব৷ অকলে এৰি দিলে আপোনাৰ পৰা আপোনাৰ সন্তানটি বিচ্ছিন্ন হৈ যাব পাৰে৷ মনত খেলাই থকা কথাবোৰ কবলৈ সাহস নকৰিব পাৰে৷ গতিকে সন্তানটিক অকলশৰে এৰি নিদিব৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme