1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:44 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

২০২২ ত কিমানটা চৰকাৰী বন্ধ লাভ কৰিব? চাওক সম্পূৰ্ণ তালিকা…

  • Update Time : Thursday, December 16, 2021

ডিজিটেল ডেস্কঃ নতুন বছৰৰ চৰকাৰী বন্ধৰ তালিকাখন পাইছেনে? গোটেই বছৰটোত চৰকাৰী কৰ্মচাৰী সকলে বাৰু কেইদিন বন্ধ পাব? জানুৱাৰী মাহটোতেই কৰ্মচাৰীসকলে লাভ কৰিব ৬ দিন বন্ধ। প্ৰথমেই ১৪ আৰু ১৫ জানুৱাৰীত মাঘ বিহু আৰু টুছু পূজা। ২৩ জানুৱাৰীত নেতাজীৰ জন্মজয়ন্তী, ২৫ জানুৱাৰীত বাথৌ পূজা, ২৬ জানুৱাৰীত গণৰাজ্য দিৱস, ৩১ জানুৱাৰীত মে-ডাম-মেফি।
ফেব্ৰুৱাৰী মাহত মাত্ৰ এদিন বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে। ১৬ ফেব্ৰুৱাৰীত চিলাৰায় দিৱস ত চৰকাৰী বন্ধ লাভ কৰিব কৰ্মচাৰীসকলে। মাৰ্চ মাহতো কেৱল এটা দিনেই বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে। ১৮ মাৰ্চ দৌল যাত্ৰাৰ বন্ধ লাভ কৰিব কৰ্মচাৰীসকলে। আনহাতে এপ্ৰিল মাহত মুঠ পাঁচটা বন্ধ লাভ কৰিব কৰ্মচাৰীসকলে। ১৪, ১৫ আৰু ১৬ এপ্ৰিলত বহা’গ বিহু, ইয়াৰোপৰি ১৫ এপ্ৰিলত গুড ফ্ৰাই ডে, ২১ এপ্ৰিলত সতী সাধনী দিৱস।

ইফালে মে মাহতো চাৰিদিন বন্ধ লাভ কৰিব কৰ্মচাৰীসকলে। ১ মে শ্ৰমিক দিৱস, ৩ মে’ত ঈদ উল ফিটৰ, ১৬ মে’ত বৌদ্ধ পূৰ্ণিমা, ১৭ মে’ত মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ। জুলাই মাহত এদিন মাত্ৰ বন্ধ লাভ কৰিব। ১০ জুলাইত ঈদ উল জোহা।
আগষ্ঠ মাহত ১৫ আগষ্টত স্বাধীনতা দিৱস, ১৯ আগষ্টত জন্মাষ্টমী, ২৯ আগষ্টত মহাপুৰুষ শংকৰদেৱৰ তিথি। একেদৰে ছেপ্টেম্বৰ মাহতো, ৬ ছেপ্টেম্বৰত কৰম পূজা, ১৪ ছেপ্টেম্বৰত মাধৱদেৱৰ তিথি।

বছৰটোৰ শেষৰভাগলৈ অক্টোবৰ মাহতেই আটাইতকৈ বেছি বন্ধ লাভ কৰিব কৰ্মচাৰীসকলে। কেৱল অক্টোবৰ মাহতেই ৮ টা দিন বন্ধ লাভ কৰিব কৰ্মচাৰীসকলে। ২ অক্টোবৰত গান্ধী জয়ন্তী/দুৰ্গা পূজাৰ সপ্তমী, ৩, ৪ অক্টোবৰত অষ্টমী আৰু নৱমী পূজা,
৫ অক্টোবৰত বিজয় দশমী/দশেৰা/শংকৰদেৱৰ জন্মোৎসৱ, ১৮ অক্টোবৰত কাতি বিহু, ২৪ অক্টোবৰত কালী পূজা/দীপাৱলী, ২৭ অক্টোবৰত ভাতৃ দ্বিতীয়া আৰু ৩০ অক্টোবৰত ষট পূজাৰ বন্ধ লাভ কৰিব। নৱেম্বৰ মাহতো ৮ নৱেম্বৰত গুৰু নানকৰ তিথি আৰু ২০২২ বৰ্ষৰ অন্তিমটো মাহ ডিচেম্বৰত মাত্ৰ এটা দিনেই চৰকাৰী বন্ধ। ২ ডিচেম্বৰৰ দিনটো অসম দিৱসৰ বাবে চৰকাৰী বন্ধ বুলি ঘোষণা কৰে ৰাজ্য চৰকাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme