1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 10, 2025, 5:28 am

কোন খেলুৱৈ স্থান পাব টি-২০ বিশ্বকাপত?

  • Update Time : Friday, March 15, 2024

সমাগত ক্ৰিকেটৰ সৰ্ববৃহৎ টুৰ্ণামেণ্ট IPL, তাৰ সমান্তৰালকৈ অহা ২ জুনৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। টি-২০ বিশ্বকাপৰ বাবে প্ৰস্তুতি প্ৰায় তুংগত হৈ উঠিছে। বিশ্বকাপৰ খিতাপ বিজয়ী কৰিবলৈ ব্যৰ্থ হোৱা ভাৰতে এইবাৰ স্বাভাৱিকতেই টি-২০ বিশ্বকাপৰ খিতাপৰ সন্ধানত অৱতীৰ্ণ হ’ব। কিন্তু বৰ্তমানলৈকে BCCI -য়ে দল ঘোষণা কৰা নাই। ভাৰতীয় দল ঘোষণাক লৈ ক্ৰিকেটানুৰাগীসকলৰ মাজত চলি আছে ব্যাপক জল্পনা-কল্পনা। টি-২০ বিশ্বকাপৰ পৰা অহা এটি বিশেষ খবৰে এতিয়া চিন্তাত পেলাইছে ক্ৰিকেট অনুৰাগীক। প্ৰতিবেদন অনুসৰি, আগন্তুক বিশ্বকাপৰ বাবে দলত স্থান নহ’ব পাৰে কোহলীৰ। মুখ্য নিৰ্বাচক অজিত আগৰকাৰে কোহলীক তেওঁৰ বেটিং শৈলীৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰিছিল। সেই কথা আগত ৰাখিয়েই কোহলীয়েও আফগানিস্তানৰ বিৰুদ্ধে টি-২০ত আক্ৰমণাত্মকভাৱে নিজৰ প্ৰদৰ্শন দাঙি ধৰিছিল, যদিও ভবাৰ দৰে কোনোধৰণৰ ফল লাভ নকৰিলে। সেয়েহে মুখ্য নিৰ্বাচক আগৰকাৰে নতুন খেলুৱৈৰ বাবে কোহলীক স্থান এৰি দিয়া বিষয় সন্দৰ্ভত বৰ্তমান আলোচনা চলি আছে বুলি জানিবলৈ দিছে। কিন্তু এইসমূহৰ মাজতো ক্ষীণ হোৱা নাই কোহলী মেচত অৱতীৰ্ণ হোৱা সম্ভাৱনা। আগন্তুক IPLত তাৰকা ক্ৰিকেটাৰগৰাকীয়ে নিজকে প্ৰমাণ কৰাৰ সুযোগ লাভ কৰিব বুলি ইতিমধ্যে দাবী কৰা হৈছে প্ৰতিবেদনখনত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme