1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 6:37 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

সমকামিতাৰ পতাকাখন ৰামধেনুবুলীয়া কিয়?

  • Update Time : Friday, November 5, 2021

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে সমকামিতা অপৰাধ নহয় বুলি ঘোষনা কৰাৰ পিছতেই সমকামীসকলে নিজাকৈ এখন পতাকা পৰিচয় হিচাপে লৈছে। ৰামধেনুৰ ৰঙৰ পতাকাখন এতিয়া হয়তো সকলোৰে পৰিচিত। এই ৰামধেনুবৰণীয়া পতাকাখনে এলজিবিটি সম্প্ৰদায়ৰ বিশেষত্ব দাঙি ধৰে। সমগ্ৰ বিশ্বৰ সমকামী লোকসকলে তেওঁলোকৰ সংহতি দেখুৱাবলৈ এই ৰামধেনু বৰণৰ পতাকাখন ব্যৱহাৰ কৰে।সাম্প্ৰতিক সময়ত বিশ্বত সৰ্বাধিক চৰ্চিত পতাকাসমূহৰ ভিতৰত এখন হৈছে ৰামধেনু বৰণৰ বিশেষ পতাকাখন।

বিশ্ব মানৱ অধিকাৰ কৰ্মী পিটাৰ টাটচলে পতাকাখন সম্পৰ্কে কয়, “মই নাভাবো যে পৃথিৱীৰ আন কোনো প্ৰতীকে এনে স্বীকৃতি লাভ কৰিছে। এই ৰামধেনু পতাকাখন ১৯৭৮ চনত এলজিবিটি সম্প্ৰদায়ৰ প্ৰতীক হিচাপে স্বীকৃত হৈছিল। চান ফ্ৰাঞ্চিস্কোৰ শিল্পী গিলবাৰ্ট বেকাৰে এটা আঠ ৰঙৰ ডিজাইন প্ৰৱৰ্তন কৰিছিল। ২৫ জুনত সমকামী স্বাধীনতা দিৱসত প্ৰথমবাৰৰ বাবে এই পতাকাখন উত্তোলন কৰা হৈছিল।চান ফ্ৰান্সিস্কোৰ পিছত, নিউয়ৰ্ক আৰু লছ এঞ্জেলছৰ মুকলি আকাশত পতাকাখন উত্তোলন কৰা হৈছিল। ১৯৯০ ৰ দশকলৈ, পতাকাখন সমগ্ৰ বিশ্বৰ এলজিবিটি সম্প্ৰদায়ৰ প্ৰতীক হৈ পৰিছিল।

সমকামিতাৰ পতাকাখন কিয় ৰামধেনু বৰণৰ?

এই পতাকাখনে মুখ্যত বৈচিত্ৰ্যতাক দেখুৱাই।পতাকাখনৰ প্ৰতিটো ৰঙৰে আছে একোটা অৰ্থ।পতাকাখনে অন্য এটা দিশকো বিশেষভাৱে দাঙি ধৰে। সেয়া হৈছে যৌনতাও এক মানৱ অধিকাৰ। পতাকাখনত প্ৰথমে ৰামধেনুৰ আঁঠটা ৰঙ আছিল পিছলৈ আৰু এটা ৰঙ যোগ কৰা হৈছিল। আৰু প্ৰতিটো ৰঙৰে অৰ্থ ক্ৰমে-

গোলাপীয়া – যৌনতা
ৰঙা – জীৱন
কমলা – আৰোগ্য
হালধীয়া – সূৰ্যৰ পোহৰ
সেউজীয়া – প্ৰকৃতি
ধোঁৱাবৰণীয়া – কলা
নীলা – সম্প্ৰীতি
বেঙুনীয়া- মানৱ আত্মা
এই ৰংবোৰ পিছত ছয়লৈ হ্ৰাস কৰা হৈছিল। ফিৰোজা ৰঙটো সলনি কৰা হৈছে, আনহাতে বেঙুনীয়াটো আঁতৰ কৰা হৈছে।
ফ্লেগ ইনষ্টিটিউটৰ গ্ৰাহাম বাৰ্টুমে কয়, “এই পতাকাখন ইমান ভাল পোৱাৰ কাৰণ হৈছে ইয়াৰ সৰলতাই সকলোকে আকৰ্ষিত কৰে।” ই অলিম্পিক ৰিংছৰ দৰে প্ৰায় একে।

সমকামিতা অপৰাধ নহয়: উচ্চতম ন্যায়ালয়

অন্য আগশাৰীৰ দেশসমূহে গ্ৰহণ কৰিলেও সমকামীতাক ভাৰতৰ দৰে বহুকেইখন দেশতে গ্ৰহণ কৰা নাছিল।কিন্তু বিগত দুবছৰ পূৰ্বে ভাৰতৰ উচ্চ ন্যায়লয়ে সমকামিতাক স্বীকৃতি প্ৰদান কৰিলে। সমকামিতা এতিয়া আৰু অপৰাধ নহয় বুলি ঘোষনা কৰাৰ পিছৰে পৰা ভাৰততো সমকামিতাৰ পতাকাখনে মৰ্যদা লাভ কৰিবলৈ সক্ষম হৈছে।কিন্তু বৰ্তমানেও অন্য কেইবাখনো দেশত সমকামিতাক অপৰাধ বুলিয়েই গণ্য কৰা হয়। জামাইকাত সমকামী যৌন সম্পৰ্ক অবৈধ, য’ত এটৰ্নি জেনেৰেলে অৰলেণ্ডো গুলীচালনাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসত ৰামধেনুৰ পতাকা উত্তোলনক অভদ্ৰ বুলি বৰ্ণনা কৰিছিল।

ৰামধেনুৰ পতাকাৰ অন্য এক মহান ইতিহাসো আছে। অষ্টাদশ শতিকাৰ এজন বিপ্লৱী থমাছ পেইনে যুদ্ধৰ সময়ত পৰামৰ্শ দিছিল যে যুদ্ধত নথকা জাহাজবোৰে এই পতাকা ব্যৱহাৰ কৰিব লাগে। বিংশ শতিকাৰ আৰম্ভণিতে শান্তিৰ বাৰ্তা প্ৰদান কৰা জেমছ উইলিয়াম ভান কিৰ্কে এখন পতাকা ব্যৱহাৰ কৰিছিল যিয়ে ৰেইনবো ষ্ট্ৰিপক গ্লোবৰ সৈতে সংযোগ কৰিছিল, যাৰ উদ্দেশ্য আছিল বিভিন্ন দেশ আৰু ৰঙে কেনেদৰে শান্তিৰে একেলগে থাকিব পাৰে তাক দেখুওৱা। এই ৰামধেনু ৰঙী পতাকা আন্তৰ্জাতিক সমবায় মিত্ৰজোঁটৰ পতাকাতো দেখা যায়। একপ্ৰকাৰে কব পাৰি যে ৰামধেনুয়ে সকলো বয়সৰ লোকক আকৰ্ষিত কৰে।যাৰ বাবে সম্প্ৰীতিক বুজাবলৈ এই ৰঙী পতাকা ব্যৱহাৰ কৰা হয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme