1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 8:32 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

হাৰনাজৰ শিৰত মিছ ইউনিভাৰ্ছৰ মুকুট, সুস্মিতা আৰু লাৰাতকৈ কিয় পৃথক হাৰনাজ…

  • Update Time : Monday, December 13, 2021

ডিজিটেল ডেস্কঃ সূদীৰ্ঘ ২১ বছৰৰ অন্তত ভাৰতৰ হৰনাজ সন্ধুৱে আজুৰি আনিলে মিছ ইউনিভাৰ্ছৰ খিতাপ। ১৯৯৪ চনত সুস্মিতা সেন আৰু ২০০০ চনত লাৰা দত্তই এই খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল। মিছ ইউনিভাৰ্ছ খিতাপ লাভ কৰা তৃতীয়গৰাকী ভাৰতীয় সুন্দৰী হৰনাজ সন্ধুৰ খিতাপতকৈ চৰ্চা হৈছে হৰনাজে কোৱা কথাখিনিহে। চণ্ডীগড়ৰ সুন্দৰী এতিয়া বিশ্বৰে চিনাকী এগৰাকী সুন্দৰী হৈ পৰিল। বিশ্বৰ বিভিন্ন দেশৰ ৭৫ গৰাকী সুন্দৰীক চেৰ পেলাই এই খিতাপ আজুৰিছে হৰনাজে।

১৯৯৪ চনৰ ২১ মাৰ্চত একেখন মঞ্চতে সুস্মিতা সেনো থিয় হৈছিল। সুস্মিতাৰ কাষত অন্য পাচঁখন দেশৰ পাঁচগৰাকী সুন্দৰী। ছয়গৰাকী সুন্দৰীলৈ বিচাৰকে প্ৰক্ষেপ কৰিছিল একোটাকৈ প্ৰশ্ন। বিচাৰক গ্ৰেমী বঁটা বিজয়ী গায়িকা-অভিনেত্ৰী ফ্লৰেন্স লাৰুৱে ভাৰতীয় সুন্দৰী সুস্মিতাক সুধিছিল, “যদি আপোনাৰ ওচৰত এটা মহান দুঃসাহসিক অভিযান আৰম্ভ কৰিবলৈ সময় আৰু ধন থাকে, তেন্তে আপুনি কি কাম হাতত ল’ব?’’ উত্তৰত সুস্মিতা সেনে কয়, ” মোৰ হাতত যদি ধন সময় দুয়োটাই থাকে তেন্তে মই কণ কণ শিশুসকলৰ মুখত হাঁহি এমোকোৰা আনি দিয়াৰ বাবে কাম কৰিব খোজো। দলিত শ্ৰেণীৰ অৱহেলিত শিশু সকলৰ বাবে কাম কৰিব খোজো তেওঁলোকক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত অন্য শিশুসকলৰ সৈতে সমানে ফেৰ মাৰিব পৰাকৈ উপযুক্ত কৰি তুলিব খোজো।’’ ইয়াৰ পিছতে দ্বিতীয় ৰাউণ্ডৰ প্ৰশ্নোত্তৰ শিতানত সুস্মিতাক সুধিছিল ”আপুনি নাৰীৰ সংজ্ঞাক কেনেকৈ উপস্থাপন কৰিব বিচাৰিব?’’ ইয়াৰ উত্তৰত সুস্মিতাই কয়, ”এগৰাকী নাৰী হৈ জন্ম হোৱাটোৱে ঈশ্বৰে দিয়া ডাঙৰ উপহাৰ। যাক আমি সকলোৱে প্ৰশংসা কৰা উচিত। পৃথিৱীত প্ৰজন্মৰ ধাৰা নাৰী অবিহনে বৰ্তি থাকিব নোৱাৰিব। মমতাৰ কথা শিকোওৱাব পৰাকৈ এখন হৃদয় মাতৃৰ থাকে আৰু সেই মাতৃগৰাকীয়ে এগৰাকী নাৰী।’’ এই উত্তৰটোৰ পিছতেই সুস্মিতাৰ শিৰত জিলিকি উঠিছিল মিছ ইউনিভাৰ্ছৰ মুকুট। ভাৰতবাসীক গৌৰৱাম্বিত কৰি ভাৰতৰ প্ৰথমগৰাকী মিছ ইউনিভাৰ্চ হিচাপে সন্মান কঢ়িয়াই আনিছিল দেশৰ বাবে।

আনহাতে ২০০০ চনত লাৰা দত্তই দ্বিতীয়গৰাকী ভাৰতীয় হিচাপে মিছ ইউনিভাৰ্ছৰ খিতাপ আজুৰি আনে। ২০০০ চনত অনুষ্ঠিত হোৱা প্ৰতিযোগীতাখনত লাৰাৰ লগতে অন্য তিনিদেশৰ তিনিসুন্দৰী থিয় হৈ আছিল। অন্য দুগৰাকীৰ লগতে লাৰাকো
সোধা হৈছিল বিশেষ এটা প্ৰশ্ন। লাৰাক সোধা হৈছিল,” মিছ ইউনিভাৰ্ছ প্ৰতিযোগীতাত নাৰীক অসন্মান কৰা হয় বুলি একাংশই ক’ব খোজে সেই সম্পৰ্কে আপুনি কি ভাৱে?’’ লাৰাই এই প্ৰশ্নৰ উত্তৰত কয়, “মই ভাবো মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ দৰে প্ৰতিযোগিতাবোৰে আমাক অৰ্থাত নাৰীক আত্মবিশ্বাসী কৰি তোলে। নিজে বিচৰা ক্ষেত্ৰখনত আগুৱাই যাবলৈ এখন মঞ্চও প্ৰদান কৰে, সেয়া উদ্যোগী হওঁক, অভিনেত্ৰী হওক, সশস্ত্ৰ শক্তি হওঁক বা ৰাজনীতিয়েই হওঁক। ই আমাক আমাৰ পছন্দ আৰু মতামত ব্যক্ত কৰিবলৈ এখন মঞ্চ প্ৰদান কৰে, আমাক স্বতন্ত্ৰ কৰি তোলে লগতে মুক্ত কণ্ঠৰো অধিকাৰী কৰি তোলে।’’ লাৰাৰ এই উত্তৰ পিছতেই ঘোষিত মিছ ইউনিভাৰ্ছৰ খিতাপ লাৰাৰ শিৰত উজলি উঠে।

উল্লেখ্য যে লাৰা দত্তৰ পিছতেই তৃতীয়গৰাকী ভাৰতীয় মিছ ইউনিভাৰ্ছ হাৰনাজ সন্ধু। হাৰনাজেও বিচাৰক উৰ্বশী চৌতেলাৰ তীক্ষ্ন প্ৰশ্নবানৰ কৌশলী উত্তৰ দি আজুৰিলে মিছ ইউনিভাৰ্ছৰ খিতাপ। ফাইেল ৰাউণ্ডত হাৰনাজক সোধা বিশেষ প্ৰশ্নটো হৈছে, ”বিভিন্ন হেঁচাত থকা মহিলাসকলক আপুনি কি পৰামৰ্শ দিব?’’ বিচাৰকৰ প্ৰশ্নৰ উত্তৰত হাৰনাজে কয়,”আপুনি নিজকে অদ্বিতীয় বুলি ভাৱিব লাগিব আৰু সেই ধাৰণাই আপোনাক আৰু অধিক সুন্দৰ কৰি তুলিব। মনক মুক্ত কৰক। সকলো কাম আত্মবিশ্বাসেৰে, নিৰ্ভয়ে কৰক। আপোনাৰ জীৱনৰ গৰাকী আপুনি নিজেই।’’ ২১ বছৰীয়া হাৰনাজে বিচক্ষণতাৰে দিয়া উত্তৰটোৱে সকলোকে সন্মোহিত কৰে আৰু হাৰনাজৰ শিৰত জিলিকি উঠে মিছ ইউনিভাৰ্ছ ২০২১ ৰ মুকুট।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme