1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 9:12 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

প্ৰধানমন্ত্ৰীৰ প্ৰচাৰেই প্ৰধান, নাৰী সৱলীকৰণৰ ৮০% ই বিজ্ঞাপনত খৰচ…

  • Update Time : Sunday, December 12, 2021

ডিজিটেল ডেস্কঃ প্ৰচাৰেই প্ৰধান কথা। মোদী শাসনাধীন চৰকাৰখন প্ৰচাৰৰ ক্ষেত্ৰত আগৰণুৱা বুলি সকলোৱে জ্ঞাত। পিছে প্ৰচাৰৰো এটা সীমা থাকে। এইবাৰ সকলো সীমা যেন অতিক্ৰম কৰিলে। এক সমীক্ষাই প্ৰকাশ কৰা অনুসৰি নাৰী সৱলীকৰণৰ বাবে মোদী চৰকাৰে লোৱা ‘বেটী বাচাও বেটী পাঢ়াও’ অভিযানৰ বাবে ৪৪৬ কোটি ৭২ লাখ টকাৰ ভিতৰত ৮০ শতাংশ টকাই কেৱল বিজ্ঞাপনৰ নামতেই খৰচ কৰিছে চৰকাৰখনে।

দেশ প্ৰগতিৰ পথত আগুৱাইছে যদিও নাৰী সৱলীকৰণৰ বিষয়টো কিন্তু এতিয়াও বিজ্ঞাপনতেই সীমাবদ্ধ হৈ আছে। আজিও দেশত বোৱাৰী হত্যা, ধৰ্ষণ, কন্যা ভ্ৰুণ হত্যা আদি ঘটনাই প্ৰতিদিনেই সংবাদ শিখৰত স্থান লাভ কৰিছে। লিংগবৈষ্যমতা দুৰ কৰিবৰ বাবেই মোদী চৰকাৰে ২০১৫ চনৰ জানুৱাৰী মাহত দেশত আৰম্ভ কৰিছিল বিশেষ অভিযান, ‘বেটী বাচাও বেটী পাঢ়াও’ৰ। এই আচনি গ্ৰহণ কৰাৰ ৬ টা বছৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে। পিছে কিমান ফলপ্ৰসুু হৈছে এই অভিযান? এই অভিযানৰ ৬ বছৰ সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়োতেি প্ৰকাশ হোৱা খৰচৰ হিচাপে চকু কঁপালত তুলিছে সকলোৰে।

বিজেপি সাংসদ হীনা গাভিটৰ নেতৃত্বাধীন সংসদীয় কমিটিৰ প্ৰতিবেদন অনুসৰি ২০১৬ ৰ পৰা ২০১৯ এই তিনিবছৰত প্ৰধানমন্ত্ৰীৰ বেটী বাচাও বেটী পাঢ়াও প্ৰকল্পৰ ৪৪৬ কোটি ৭২ লাখ টকাৰ ভিতৰত অধিকাংশই বিজ্ঞাপনৰ নামতেই খৰচ হৈছে। অৰ্থাৎ মুঠ টকাৰ ৭৮.৯১ শতাংশ টকা খৰচ হৈছে কেৱল বিজ্ঞাপনৰ নামত। এই তথ্য বিজেপি সাংসদগৰাকীয়ে তুলি ধৰাৰ পিছতেই সমগ্ৰতে প্ৰশ্ন উত্থাপিত হৈছে যে, বাজেটৰ সিংহভাগ যদি বিজ্ঞাপনতেই খৰচ হৈছে তেন্তে নাৰী সৱলীকৰণৰ নামত কি কি পদক্ষেপ ল’লে চৰকাৰে সেই কথাও তুলি ধৰক বিজেপিয়ে। অবশ্যে এই দাবী উত্থাপিত হৈছে যদিও বৰ্তমানেও কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই প্ৰধানমন্ত্ৰীগৰাকীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme