কেঁচুৱাৰ মুখত প্ৰথমে শুনা শব্দই হল ‘মা’, ‘দেউতা’। মা, দেউতা এক মধুৰ শব্দ। কিন্তু কেঁচুৱাই প্ৰথমেই মা, দেউতা বুলিয়ে কিয় মাতে বাৰু?
ভাষাবিদ সকলে কয় যে যেতিয়া কেঁচুৱাই স্তন্যপান কৰে, তেওঁলোকে মুখত কিছুমান শব্দ কৰে। যিহেতু সেই শব্দ নাকৰ পৰা ওলাই আহে, উচ্চাৰণবোৰ
বহুত ‘ম’ৰ দৰে শুনা যায়। প্ৰায় সকলো ভাষাতে মা বুলি কোৱা শব্দবোৰ ইংৰাজী লিপিত ‘এম’ বা ‘ম’ৰ সৈতে আৰম্ভ হয়।
যিহেতু শিশুটোৱে থুনুক থানাক মাতেৰে দুই এটা শব্দ কবলৈ শিকে, তেতিয়াই প্ৰথমে মা, দেউতা বুলি কবলৈ লয়। এই মা, দেউতা শব্দ দুটা যিমান পুৰণি
হলেও নতুন। মা, দেউতা শব্দবোৰ কৰ পৰা আহিল বাৰু? যেতিয়া শিশুৱে প্ৰথমে আধা আধা কথা কোৱা আৰম্ভ কৰে, তেতিয়াই মা, দেউতা বুলিয়েই মাতে।
গৱেষক সকলে দাবী কৰে যে যেতিয়া শিশুৱে প্ৰথম কথা কবলৈ শিকে ম, ব, দ এই সৰল উচ্চাৰণ ব্যঞ্জন বৰ্ণবোৰ আগতে উচ্চাৰণ কৰিব পাৰে। সেয়েহে
মা,দেউতা, দাদা শব্দবোৰ শিশুৰ প্ৰথম শব্দ। মা শব্দটোৰ ইংৰাজী সমাৰ্থক হৈছে , যি হৈছে আগতে ব্যৱহৃত MAMMA শব্দটোৰ এক পৰিৱৰ্তিত ৰূপ।
কোৱা হয় যে ইংৰাজী শব্দ MAMMA লেটিন শব্দ MAMMAৰ পৰা আহিছে, যাক স্তন বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। MAMME শব্দটো এই শব্দটোৰ পৰা
উদ্ভৱ হৈছে যিটো স্তন্যপায়ী প্ৰাণীৰ ইংৰাজী প্ৰতিশব্দ।
আমোদজনক ভাৱে, পৃথিৱীৰ প্ৰায় সকলো দেশতে, মাতৃক বুজাবলৈ ব্যৱহৃত শব্দবোৰৰ আৰম্ভণি এম বা ম ব্যঞ্জনবৰ্ণত ব্যনহাৰ কৰা হয়। অৱশ্যে, মা শব্দটোৰ
বিপৰীতে দেউতাৰ সতে পৃথিৱীৰ বিভিন্ন দেশৰ মাজত সাদৃশ্যই নাই। দেউতাৰ ইংৰাজী পাপা। মা শব্দটো যিদৰে জাৰ্মান ভাষাত MUTTER, ইটালী ভাষাত
MADRE, চীনা ভাষাত MAMA বুলি উচ্চাৰণ কৰে। ঠিক তেনেদৰে দেউতা শব্দটো ৰাছিয়া, হিন্দী, স্পেনিছত উচ্চাৰণ কৰে পাপা বুলি।