1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 9:38 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

দোকানৰ পৰা নতুন ব্লেড কিনি আনি স্বামীৰ জননাংগ কাটিলে পত্নীয়ে

  • Update Time : Monday, February 26, 2024

এইখন অসমতেই সংঘটিত হৈছে আন এক নিকৃষ্ট ঘটনা৷ নিশাৰ এন্ধাৰত স্বামীৰ গুপ্তাঙ্গ ছেদ কৰি পত্নীয়ে কৰে পলায়ন৷ এই পাশৱিক ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ গৌৰীপুৰ বাঘমাৰাত৷ কাৰেণ্ট ট্ৰেণ্ড অসমৰ ধুবুৰী জিলাৰ সংবাদদাতা ওমৰ ফাৰুকে প্ৰেৰণ কৰা খবৰ অনুসৰি, বাঘমাৰাৰ ২৮ বছৰীয়া অজেদ আলীৰ সৈতে সংঘটিত হয় এই ঘটনা৷

অজেদ আলীৰ পত্নী হালিমা খাতুনে এন্ধাৰৰ সুযোগ লৈ নতুন ব্লেডেৰে ৰেপি অজেদ আলীৰ গুপ্তাঙ্গ ছেদ কৰে৷ কি কাৰণত অজেদ আলীৰ পত্নী হালিমা খাতুনে এই ঘটনা সংঘটিত কৰে তাৰ প্ৰকৃত ৰহস্য বৰ্তমানো ভেদ হোৱা নাই যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অজেদ আলীক ততাতৈয়াকৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়, পৰৱৰ্তী পৰ্যায়ত ভুক্তভোগী অজেদ আলীৰ পৰিয়ালবৰ্গই ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ খবৰ অনুসৰি, আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব উৰহী গছৰ ওৰ৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ বাঘমাৰা অঞ্চলতেই বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme