1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 10:04 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

সকলো যেন…… স্থগিত দিল্লী চলো যাত্ৰা

  • Update Time : Saturday, February 24, 2024

৭ মাৰ্চলৈ স্থগিত কৰা হ’ল কৃষকৰ দিল্লী চলো যাত্ৰা। বিগত কেইবাদিনৰ পৰা পঞ্জাৱ-হাৰিয়ানা সীমান্তৰ কেইবাটাও অঞ্চল উত্তেজনামুখৰ হৈ আছে। শেহতীয়াকৈ দেশ কপাঁই যোৱা কৃষক আন্দোলনত দুগৰাকীকৈ কৃষকে মৃত্যুক সাৱটিব লগা হৈছে। যাৰ বাবে অহা ৭ মাৰ্চলৈ প্ৰতিবাদকাৰী কৃষকসকলে স্থগিত কৰিলে দিল্লী চলো যাত্ৰা। খবৰ অনুসৰি দেওবাৰে প্ৰতিবাদকাৰী কৃষকসকলে হাতত মমবাতি লৈ পদযাত্ৰা কৰিব। উল্লেখযোগ্য যে খানৌৰী আৰু শম্ভু সীমান্ত পাৰ হবলৈ ১৪,০০০ কৃষকে আৰক্ষীৰ লগত সংঘৰ্ষত লিপ্ত হৈছিল। প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠীচাৰ্জ কৰাৰ লগতে কন্দুৱা গেছো নিক্ষেপ কৰিছিল , যাৰ ফলত এজন কৃষকে মৃত্যুক সাৱটিৱ লগা হৈছিল। এই সংঘৰ্ষত শুভ কৰণ সিঙ নামৰ এগৰাকী যুৱ কৃষকৰ মৃত্যু হোৱাৰ লগতে, কিছুদিন পূৰ্বে আন এগৰাকী ৬০ উৰ্ধ্বৰ কৃষকে মৃত্যুক সাৱটিব লগা হৈছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme