1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 9:11 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

এইসূহ কৰি বাচক মেলেৰিয়াৰপৰা।

  • Update Time : Sunday, February 18, 2024

মেলেৰিয়াক সাধাৰণতে অতিপাত জ্বৰৰ এবিধ ৰোগ হিচাপে জনা যায়। মেলেৰিয়া বীজানু নামৰ এবিধ ক্ষুদ্ৰ জীৱানুৰ আক্ৰমণৰ ফলত এই ৰোগ হয়। মেলেৰিয়াৰ এই
বীজাণুবোৰ এজন ব্যক্তিৰ দেহৰ পৰা আন এজন সুস্থ ব্যক্তিৰ দেহলৈ এবিধ বিশেষ মহৰ দ্বাৰা সংক্ৰমিত হয়।
সকলো মহে এই ৰোগ বিয়পাব নোৱাৰে। এই বীজাণুৰ দ্বাৰা
আক্ৰান্ত মাইকী এন’ফিলিছ মহৰ লালটি গ্ৰন্থিত মেলেৰিয়া বীজাণুবোৰ থাকে আৰু এনে মহে কামুৰিলেহে ৰোগ
সংক্ৰমিত হয়। এনে ৰোগ বিয়পাব পৰা মহে এজন সুস্থ
মানুহক কামুৰিলে মেলেৰিয়া বীজাণুবোৰ মানুহজনৰ দেহত প্ৰৱেশ কৰে।তেনে ক্ষেত্ৰত মানুহজন দুসপ্তাহ বা তিনি
সপ্তাহৰ ভিতৰত মেলেৰিয়াত আক্ৰান্ত হয়। মেলেৰিয়া
ৰোগৰ লক্ষণ সমূহ-কপঁনি জ্বৰ উঠা, মূৰ কামোৰণি, গাৰ বিষ, পিয়াহ লগা, খোৱা-বোৱাত অনিচ্ছা, বমি বমি ভাব,
পেটৰ বিষ ইত্যাদি বহুতো।
এনে ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাতো বাধ্যতা মূলক।
মেলেৰিয়াত আক্ৰান্ত হলে কৰিব কি? কৰনীয়সমূহ হল-

*মেলেৰিয়া লক্ষণসমূহ দেখা দিয়াৰ লগে লগে তেজ পৰীক্ষা কৰি ততকালীন চিকিতসাৰ ব্যৱস্থা কৰা উচিত।

*ছাল কুঁৱৰী পাতৰ বীজৰ ১০ চামুচ ৰসত এচামুচ মৌ মিহলাই দিনে এবাৰকৈ একেৰাহে এসপ্তাহমান খালেই এই ৰোগ ভাল হয়

*অমৰ লতাৰ ৰস উলিয়াই ১০ চামুচ ৰসত এচামুচ মৌ বা তুলসী মিহলাই দিনে এবাৰকৈ একেৰাহে এসপ্তাহমান খালেই এই ৰোগ ভাল হয়।

*চিনকোনা গছৰ বাকলিৰ ৰস দৈনিক ২৫ গ্ৰামকৈ খালেও শীঘ্ৰে সুফল পাব পাৰি।

এইসমূহ কৰনীয় পালন কৰি মেলেৰিয়া ৰোগৰ পৰা নিজক সুৰক্ষিত কৰি ৰাখক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme