মানৱ জীৱনৰ এটা চিৰসত্য ঘটনা হৈছে মৃত্যু, মৃত্যুৰ পাছত ক’ত কি হয় সেই কথা আমি কোনেও ক’ব নোৱাৰো। যদিও কেতিয়াবা মানুহে মৃত্যুৰ পাছত পুনৰ জীৱিত হৈ মৃত অৱস্থা অনুভৱ কৰা কথাবোৰ সচৰাচৰ শুনিব পোৱা যায়।মৃত্যু হোৱাৰ ২৭ মিনিটৰ পিছত পুনৰ জীৱিত হৈ উঠিল এগৰাকী মহিলা। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ চিকিত্সালয়ত মৃত্যু হৈছিল আমেৰিকাৰ এৰিজোনাৰ বাসিন্দা টিনাৰ। চাৰিটা সন্তানৰ মাতৃ টিনাৰ লগত সংঘটিত হ’ল অলৌকিক ঘটনা। মৃত্যু ২৭ মিনিটৰ পিছত পুনৰ জীৱন ঘূৰাই পাইছিল এইগৰাকী মহিলাই, মৃত্যুৰ বিচনাৰ পৰা উঠি অহাৰ পাছত মহিলাগৰাকীয়ে বৰ্ণনা কৰিলে আজৱ ঘটনা। মহিলাগৰাকীয়ে এখন বহীত লিখিলে -‘এয়া বাস্তৱ’। সুস্থ হৈ উঠাৰ পাছত মহিলাগৰাকীয়ে দাবী কৰে যে মৃত্যুৰ পাছত মহিলাগৰাকীয়ে প্ৰকৃত স্বৰ্গ দেখিছিল আৰু যীশুক লগ পাইছিল। তেওঁ মন্তব্য কৰে যে ঈশ্বৰে মোৰ জীৱনটো অলৌকিকতাৰে ৰক্ষা কৰিবলৈ বাছি লৈছিল। ২৭ মিনিটৰ বাবে মোৰ উশাহ বন্ধ কৰি মোক পুনৰ জীৱন দান দিলে ঈশ্বৰে।