1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 8:08 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

দুবছৰীয়া কা’ আন্দোলন… সফলতা, বিফলতা অথবা নেতা ইত্যাদি…

  • Update Time : Saturday, December 11, 2021

ডিজিটেল ডেস্কঃ দুবছৰীয়া হ’ল কা’ আন্দোলন। ২০১৯ চনৰ ১১ ডিচেম্বৰ অসমবাসীৰ বাবে স্মৰণীয় দিন। আজিৰ দিনটোতে সমগ্ৰ অসমজুৰি উচ্চাৰিত হৈছিল এটাই শব্দ কা’ আমাক নালাগে। কি কলেজ, কি বিদ্যালয়, কি সাহিত্যিক, কি শিল্পী সকলো ওলাই আহিছিল ৰাজপথলৈ। দাবী একেটাই কা’ নালাগে। আইৰ মুখৰ মাতষাৰ পুনৰ এবাৰ হেৰুৱাব নোৱাৰি। অসমতে অসমীয়া সংখ্যাগৰিষ্ঠ হ’ব নোৱাৰি।

অসমৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথত নামি পৰিছিল। ইফালে ২০১৯ চনৰ আজিৰ দিনটোতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গেও দল মত নিৰ্বিশেষে সকলোকে লতাশিলৰ বাকৰিৰ পৰা আন্দোলনৰ লৈ যাবলৈ একগোট হ’বৰ বাবে আহ্বান জনাইছিল। হাৰ্টথ্ৰ’বৰ আমন্ত্ৰণক জানো নেওচা দিব পাৰি? তাতে জাতীয় আবেগৰ সৈতে জড়িত এটা বিষয়। আৰক্ষী তথা নিৰাপত্তাৰক্ষীৰ বাধা ওফৰাই হেজাৰ হেজাৰ মানুহেৰে ভৰি পৰিছিল লতাশিল খেলপথাৰ। কোনোৱে যদি গানেৰে প্ৰতিবাদ কৰিছে কোনোৱে ৰাজপথত। কেৱল মহানগৰীতেই আন্দোলন সীমাবদ্ধ হৈ ৰৈছিল এনে নহয়। গাৱেঁ গাৱেঁ বিয়পি পৰা এই আন্দোলন ছত্ৰভংগ দিয়াবলৈকে ৭ জন নিৰীহ যুৱকক হত্যাও কৰিলে প্ৰশাসনে। পিছে আন্দোলন থমকি নৰ’ল। দিছপুৰমুখী হ’বলৈ আৰম্ভ হোৱা আন্দোলনটোক আৰু যাতে আগবাঢ়িবলৈ দিব নোৱাৰি তাৰ বাবে ৰাজ্যজুৰি জাৰি কৰা হ’ল কাৰফিউ, কৰ্তন কৰা হ’ল ইণ্টাৰনেট সেৱা। পিছে এনেদৰে জানো এটা আন্দোলন শেষ কৰিব পাৰি?

প্ৰশাসনে আন্দোলনটোক স্তিমিত কৰাবলৈকে ল’লে ভিন্ন পদক্ষেপ। লাহে লাহে আন্দোলনকাৰীসকলৰ মাজতো বিভেদ আহি পৰিল। কৰোবাত যদি আছুৱে আন্দোলনৰ আহ্বান কৰে তেনে সময়তে আকৌ অন্য স্থানত বাওঁপন্থীসকলে পৃথকভাৱে আন্দোলনৰ আহ্বান জনালে। এনেদৰে পৃথক হৈ পৰা আন্দোলনটো লাহে লাহে চৰকাৰে বান্ধি দিয়া নীতিৰ মাজত সূৰ্য অস্ত যোৱাৰ আগতে সমাপ্ত কৰিবলৈ একাংশ শিল্পীৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দই আহ্বান জনালে। এনেদৰেই লাহে লাহে সমগ্ৰ আন্দোলনটোৱে চৰকাৰে বিচৰাধৰণেৰেই পৰিচালিত হ’বলৈ আৰম্ভ কৰিলে।

১০ জানুৱাৰীত বিধেয়কখন সমগ্ৰ দেশতে আইনত বলবৎ হ’ল। অথচ দেখা নগ’ল পূৰ্বৰ উছাহ। ক্ষমতাৰ লোভত আন্দোলনত ভাগ লোৱা নেতাসকলে এজন এজনকৈ শাসক পক্ষৰ ওচৰত নতশিৰ হ’ল। আন্দোলনৰ অচিলা লৈয়ে ৰাজ্যত দুটাকৈ আঞ্চলিক দলে ভুমুকিও মাৰিলে পিছে আন্দোলনৰ পৰা ৰাজ্যবাসীয়ে কিবা লাভ কৰিলেনে? লাভৰ মূলত ৭ জন উঠি অহা যুৱকৰ প্ৰাণ হানি হ’ল। পিছে কা’ বাতিলৰ প্ৰসংগটো ক’ৰণাৰ দোহাই দিয়ে সামৰিলে অন্দোলনত নেতৃত্ব দিয়া নেতাসকলে।

অৱশ্যে কৰ’ণাৰ বাবে বন্ধ হৈ পৰা আন্দোলনটো আকৌ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে একাংশ দল সংগঠনে। কৃষক আন্দোলনৰ উদ্ধৃতিৰে একাংশই কৈছে পঞ্জাৱে যদি পাৰিছে আমি নোৱাৰিম কিয়? কিন্তু পুনৰবাৰ ৰাজ্যবাসীয়ে বাৰু বিশ্বাসত ল’বনে এইসকল নেতাক? পুনৰবাৰ আৰু এজন চেমক হেৰুৱাবলৈ পিতৃ-মাতৃয়ে বাৰু আগবঢ়াই দিবনে নিজ সন্তানক সেয়াহে উত্তৰবিহীন প্ৰশ্ন হৈ ৰৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme