পুনৰ পৱিত্ৰ শিক্ষা বৃত্তিক কলংকিত কৰিলে এগৰাকী পাষণ্ড শিক্ষকে। খবৰ অনুসৰি এগৰাকী লম্পট শিক্ষকে পলুৱাই নিলে ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক। খবৰ অনুসৰি ছাত্ৰীগৰাকীৰ বয়স ১৫ বছৰ বুলি জানিব পৰা গৈছে। বৰ্তমান আৰক্ষীয়ে অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। এই লজ্জাজনক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জৰ।