প্ৰায় সকলোৱে টোপনিত বিভিন্নধৰণৰ সপোন দেখে ৷ জ্যোতিষীৰ মতে বহু সপোনে দিয়ে অশুভ সংকেত। সমান্তৰালকৈ এনে কিছুমান সপোন আছে যি সপোনে শুভ সংকেত দিয়ে ৷ আপুনি সপোনত কেতিয়াবা মাছ মৰা দেখিছে নেকি? নতুবা এৰ’প্লেনত যাত্ৰা কৰা সপোন, পাহাৰ বগোৱা সপোন দেখিছে নেকি? নাইবা কেতিয়াবা সপোনত টকা দেখিছে নেকি? এইসমূহ সপোনে শুভ সংকেত দিয়ে নে অশুভ সংকেত দিয়ে সেই বিষয়ে জ্যোতিষীয়ে কি কয় জানো আহক।
জ্যোতিষী ড০ বুলী দেৱীৰ মতে সপোনত যদি এৰ’প্লেনত যাত্ৰা কৰা দেখে তেন্তে শুভ। কাৰণ এৰ’প্লেন সদায় ওপৰেৰে যায়। ঠিক তেনেকৈ আপোনাৰো জীৱনৰ গ্ৰাফ ডাল ওপৰলৈ উঠাৰ সম্ভাৱনা আছে। সপোনত পাহাৰ বগোৱা দেখিলেও শুভ সংকেত দিয়ে। কিয়নো পাহাৰো ওখ। ওখ ঠাইত বগোৱা মানে আপোনাৰ জীৱনটো উন্নতিৰ দিশত গতি কৰা বুজায়। কিন্তু পাহাৰৰ পৰা যদি তললৈ নমা দেখে তেন্তে অশুভ। কাৰণ তললৈ নামিলে আপোনাৰ উন্নতিও থমকি ৰ’ব। সেইবাবে তেওঁ কয় যে, যি লোকে পাহাৰৰ পৰা তললৈ নমা সপোন দেখে তেওঁলোকে জীৱনত কষ্ট কৰিব লাগিব, তেতিয়াহে সুফল লাভ কৰিব। একেদৰে সপোনত যদি আপুনি টকা দেখে তেন্তে শুভ। লগতে তেওঁ কয় যে, সপোনত যদি বগা মাছ দেখা পায়, তেন্তে খুবেই শুভ। তেওঁৰ জীৱনলৈ ভাল সংকেত আহে। যদিহে সপোনত কেতিয়াবা ক’লা মাছ দেখা পায়, তেন্তে এই সপোন অশুভ বুলি উল্লেখ কৰে জ্যোতিষীগৰাকীয়ে।