ফেব্ৰুৱাৰী মানেই হল প্ৰেমৰ মাহ। ফেব্ৰুৱাৰী মাহত উদযাপন হোৱা’ ভেলেন্টাইন-ডে’ক প্ৰেমৰ দিন হিচাপে পালন কৰা হয় যদিও ১৪ ফেব্ৰুৱাৰীত কিয়’ ভেলেন্টাইন-ডে’ উদযাপন কৰা হয় তাৰ কাৰণ অধিকাংশই অৱগত নহয়। এই দিনটো উদযাপনৰ আৰঁত আছে এক বিশেষ গুৰুত্ব। ভেলেন্টাইন ডে ৰ কাহিনী প্ৰকৃততে ৰোমৰ এজন সাধুৰ ওপৰত আধাৰিত ।যাৰ নাম আছিল চেইন্ট ভেলেন্টাইন। দৰাচলতে ২৭০ খ্ৰীষ্টাব্দত ৰোমৰ ৰজা ক্লাউডিয়াছ
প্ৰেমৰ সম্পূৰ্ণ বিৰোধী আছিল ।ৰজা ক্লাউডিয়াছেও প্ৰেম বিবাহৰ তীব্ৰ বিৰোধিতা কৰে । তেওঁ বিশ্বাস কৰিছিল যে, প্ৰেমৰ প্ৰচাৰ কৰিলে ৰোমৰ সৈন্য সকলৰ মনোযোগ
বিচলিত হব। যাৰ বাবে ৰোমৰ সৈন্য দুৰ্বল হৈ পৰিব। এই কাৰণেই ক্লাউডিয়াছেও সৈনিকৰ বিবাহত নিষেধাজ্ঞা আৰোপ কৰিছিল।
যত ৰজা ক্লাউডিয়াছে এফালে প্ৰেমৰ বিৰোধিতা কৰিছিল আৰু আনফালে চেইন্ট ভেলেন্টাইনে আগতে মুকলিকৈ প্ৰেমৰ প্ৰচাৰ কৰিছিল। এই খণ্ডটোত চেইন্ট ভেলেন্টাইনে
ক্লাউডিয়াছৰ মতাদৰ্শৰ লগত অন্যায় কৰাই নহয় ৰজাৰ বিৰুদ্ধেও গৈ বহু বিবাহ সমপন্ন কৰিছিল। যাৰ বাবে ৰজা ক্লাউডিয়াছে চেইন্ট ভেলেন্টাইনক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে আৰু ১৪ ফেব্ৰুৱাৰীত চেন্ট ভেলেন্টাইনক ফাঁচী দিয়া হয় । ইয়াৰ পিছৰে পৰা এই দিনটো ৰোমকে ধৰি সমগ্ৰ বিশ্বতে প্ৰেমৰ দিৱস হিচাপে পৰিচিত হয় আৰু সমগ্ৰ বিশ্বতে ভেলেন্টাইন ডে উদযাপন প্ৰথা আৰম্ভ হয় ।