1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 9:19 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

ছাত্ৰীৰ লগত দুষ্কাৰ্য কৰি পলায়ন লম্পট শিক্ষকৰ, পাঁচজনৰ বিৰুদ্ধে এজাহাৰ দাখিল

  • Update Time : Sunday, February 11, 2024

ধিঙৰ বেছামাৰীত ছাত্ৰীৰ  লগত যৌন সম্পৰ্ক কৰি লম্পট শিক্ষকৰ পলায়ন

◆পাঁচজন শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল* ।
◆ নগাঁও জিলাৰ ধিঙৰ বেছামাৰীত  এগৰাকী ছাত্ৰীৰ লগত যৌন সম্পৰ্ক কৰি এজন  শিক্ষক পলায়ন।
এই ঘটনা কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।

◆১৭ জানুৱাৰী দিনা ছাত্ৰী গৰাকীক বিয়া পাতিম বুলি কৈ লৈ গৈছিল কৰ্মস্থলী চাপানলা লৈ।চাপানলাৰ এটি গৃহত তিনিদিন আবদ্ধ কৰি ৰাখি ছাত্ৰী গৰাকীৰ ইচ্ছাৰ বিৰুদ্ধে চলাই গৈছিল যৌন সম্পৰ্ক।
◆চাপানলাৰ ঘাঁচী বস্তি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আবতাব আলী এহচানৰ এনে কাণ্ডই শিক্ষক সমাজক লজ্জিত কৰিছে।
◆ ঘৰলৈ ঘূৰি অহা বাটতে ছাত্ৰী গৰাকীক নিশা পেলাই থৈ পলায়ন কৰে লম্পট শিক্ষক আবতাব আলী এহচান।

গাঁওৰক্ষী বাহিনীয়ে ছাত্ৰী গৰাকীক উদ্ধাৰ কৰি ৰাইজৰ সহযোগত চমজাই দিয়ে শিক্ষকৰ খুড়াকক।
১০ দিন খুড়াকে নিজ গৃহত ৰাখি চমজাই দিয়ে আৰক্ষীক ।পুনৰ ৰাইজ মেল বহি এসপ্তাহৰ ভিতৰতে বিয়া পাতিব বুলি শিক্ষকৰ পৰিয়ালে চুক্তি স্বাক্ষৰ কৰে।
চুক্তি মতে বিয়াহ সম্পন্ন নোহোৱাত ছাত্ৰী গৰাকী হতাশাত ভূগি পুনৰ ৫ ফেব্ৰুৱাৰীত আবতাব আলী এহচানৰ গৃহত প্ৰৱেশ কৰাত এহচানৰ পৰিয়ালৰ সদস্যই ছাত্ৰী গৰাকীক মাৰ-পিট কৰি জোৰ-জবৰদস্তি বিষ পান কৰাৰো‌ অভিযোগ উত্থাপিত হৈছে । পিন্ধনত থকা কাপোৰ-কানি খুলি মাৰ পিট কৰি অচেতন অৱস্থাত ৰাস্তাৰ কাষত পেলাই থয়। স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ছাত্ৰী গৰাকীক উদ্ধাৰ কৰি ধিং এফ আৰ ইউত ভৰ্ত্তি কৰায়।ছাত্ৰীগৰাকীৰ অৱস্থা সংকট জনক হোৱাত চিকিৎসকে নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।সম্প্ৰতি ছাত্ৰী গৰাকী নগাঁও চহৰৰ মেট্ৰ হস্পিতালত বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে। ইপিনে ছাত্রীগৰাকী পিতৃ লিয়াকত আলীয়ে লালিপথাৰ গাঁৱৰ আবতাব আলী এহচানকে আদি কৰি পাঁচ জন শিক্ষকৰ বিৰুদ্ধে নগাঁও জিলা আৰক্ষী অধীক্ষৰৰ ওচৰত এজাহাৰ দাখিল কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme