1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 9:02 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

সাৱধান! নিশা ভুলতেও গ্ৰহণ নকৰিব এইসমূহ খাদ্য

  • Update Time : Wednesday, January 10, 2024

নিশাৰ আহাৰত আপুনি বাৰু কি খায়? কেতিয়াবা আপুনি মন কৰেনে পুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈ আপুনি কি কি খাদ্য গ্ৰহন কৰিলে?
সুস্বাস্থ্যৰ গৰাকীহৈ থাকিবলৈ হ’লে আমি সুষম আহাৰ গ্ৰহন কৰা উচিত।আমি সকলোৱে বিভিন্ন প্ৰকাৰৰ খাদ্যৰ জুতি লওঁ, সেয়া লাগিলে অধিক
মছলাযুক্ত হওঁক, অধিক তেলযু্ক্ত হওঁক বা জ্বলায়েই হওঁক। আমি তাৰ পৰিমাণ কেতিয়াও জুখি নাচাওঁ। কিন্তু এইবিলাক খাদ্য খাওঁতে আমি কিছুমান নীতি–নিয়ম পালন কৰিব লাগে। অসমীয়াত এষাৰ কথা আছে নহয়-ৰাতিপুৱা খাবা ৰজাৰ দৰে, দুপৰীয়া খাবা প্রজাৰ দৰে আৰু ৰাতি খাবা দৰিদ্রৰ দৰে৷
ৰাতিপুৱাৰ আহাৰ ৰজাৰ দৰে কৰিব লাগে অর্থাৎ ৰাতিপুৱা আমি এটা ভাল বা গধুৰ ব্রেকফাষ্ট কৰিব লাগে যাতে আমি দিনটোৰ বাবে সক্ৰিয় হৈ থাকিব পাৰোঁ৷ ঠিক তেনেদৰে দুপৰীয়াৰ আহাৰ প্রজাৰ দৰে সেৱন কৰিব লাগে, এটা পৰিমিত মাত্রাত। ৰাতি দৰিদ্রৰ দৰে সাধাৰণ আহাৰ খাব লাগে৷
তেতিয়াহে আমি বেছি স্বাস্থ্যৱান হৈ থাকিব পাৰিম৷

গতিকে এতিয়া জানো আহক ৰাতি কোনবোৰ আহাৰ পৰাপক্ষত খাব নালাগে৷

* অধিক চৰ্বিযুক্ত খাদ্য- ৰাতিৰ আহাৰত ধিক চৰ্বিযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকক। ই হজম হবলৈ বেছি সময় লয় আৰু শৰীৰত মেদবহুলতা সৃষ্টি কৰে।
* ‘ডিপ ফ্ৰাইড’ খাদ্য – ‘ডিপ ফ্ৰাইড’ খাদ্য বা অধিক তেলত ভজা চিকেনৰ মাংস,প’পকৰ্ণ,‘ডিপ ফ্ৰাইড’ পনীৰ আদিও কিছু পৰিমানে পৰিহাৰ কৰিব লাগে কাৰণ এনে খাদ্যই শৰীৰত এচিড ৰিফ্লাক্স কৰিব পাৰে।
* ‘ষ্টাৰচি’ খাদ্য -ষ্টাৰচ হৈছে এবিধ জৈৱিক ৰাসায়নিক পদাৰ্থ যি সকলো উদ্ভিদে উৎপন্ন কৰে।তেনেধৰণৰ খাদ্যসমুহ যেনে- আলু,ৰুটি,চাউল,পাস্তা,শস্যজাতীয় খাদ্য আদি। ডায়েবেটিছ ৰোগীসকলে এইবোৰ খাদ্য পৰিহাৰ কৰিব লাগে। ৰাতি এনেধৰণৰ খাদ্যসমূহে তেজত উচ্চ শৰ্কৰা বা মধুমেহ(blood sugar)বৃদ্ধি কৰে।
* মছলাযুক্ত খাদ্য- যিসকল লোকে গেষ্ট্ৰিক সমস্যা আৰু হৃদৰোগত ভূগি আছে তেঁওলোকে অধিক মছলাযুক্ত খাদ্য পৰাপক্ষত এৰাই চলক। কাৰণ অধিক মছলাযুক্ত খাদ্য
খালে খাদ্য পেটৰ ৰোগত যেনে-পেট জ্বলা-পোৰা কৰা, পেটৰ বিষ, বুকুৰ বিষ,হাৰ্ট এটেক, ষ্ট্ৰ’ক,বমি আদিত আক্ৰান্ত হ’ব পাৰে।
* অধিক প্ৰটিনযুক্ত খাদ্য- অধিক প্ৰটিনযুক্ত খাদ্য যেনে কণী বা কণীৰ পৰা তৈয়াৰী খাদ্য ৰাতি আহাৰত খাব নালাগে। তেনেধৰণৰ খাদ্যই পেট ফুলা,অতিৰিক্ত গেছ উৎপন্ন কৰে।
* মিঠাই- সৰু ল’ৰা-ছোৱালীৰ বাবে ৰাতি সময়ত মিঠাই আৰু চকলেট খাব নালাগে।চকলটত কেফেইনৰ পৰিমাণো থাকে যিয়ে টোপনিৰ ব্যাঘাত বা অসুবিধাৰ সৃষ্টি কৰিব পাৰে।লগতে চকলেট বা মিঠাই খোৱা ফলত দাঁতৰ সমস্যাও হ’ব পাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme