প্ৰীতি জিণ্টা নে প্ৰীতম সিং! বিপাঙত পৰিছে বলিউড জগতৰ মোহময়ী অভিনেত্ৰী প্ৰীতি জিণ্টা! ছ’চিয়েল মিডিয়াত এতিয়া অনুৰাগীসকলৰ মাজত উক্ত বিষয়ক লৈ কৌতূহলৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। নিজৰ নামটোক লৈ হোৱা বিভ্ৰান্তি দূৰ কৰিবলৈ অভিনেত্ৰী প্ৰীতি জিন্টাই ১৪ ডিচেম্বৰত ছ’চিয়েল মিডিয়াত স্পষ্টিকৰণ দিছিল যে তেওঁ নিজৰ নাম কোনো ‘প্ৰীতম সিং”ৰ পৰা “প্ৰীতি জিন্টা” লৈ সলনি কৰা নাই। তেওঁ উল্লেখ কৰিছে যে -“মোৰ প্ৰকৃত নাম সদায় প্ৰীতি জিন্টা আৰু এতিয়া ইয়াত এটা জি{G}যোগ কৰিছো, জি {G} অৰ্থ গুডএনাফ। কিন্তু যিহেতু ই বহুত দীঘল হৈ পৰে গতিকে গুডেএনাফ কৰণে জি {G} বহুৱা হ’ল”।
অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সদৰি কৰিছে যে ১৯৯৮ চনত যেতিয়া ‘‘Soldier’’ বোলছবিখনৰ নিৰ্মাণৰ কাম চলি আছিল, সেই সময়ত সহ অভিনেতা ববি দেওলে তেওঁক মৰমতে ‘প্ৰীতম সিং’ বুলি জোকাঁইছিল। গতিকে তেওঁ শেষবাৰৰ বাবে অনুৰাগীসকলক এসময়ৰ চকলেটি গাৰ্ল হিচাপে পৰিচিত প্ৰীতি জিণ্টাই স্পষ্ট কৰি দিছে যে- ‘প্ৰীতম সিং মোৰ নাম কেতিয়াও নাছিল। মই সদায় আপোনালোকৰ প্ৰীতি হৈ আছোঁ’।