ডিজিটেল ডেস্কঃ কমেডিয়ান যুটি ভাৰতী সিঙ আৰু হৰ্ষ লিম্বাচিয়াৰ ঘৰলৈ আহিছে ভাল খবৰ। এই সুখবৰটো সামাজিক মাধ্যমযোগে নিজেই প্ৰকাশ কৰিলে ভাৰতী সিঙে। নৱবৰ্ষৰ আৰম্ভণিতে অৰ্থাৎ এপ্ৰিল- মে মাহৰ ভিতৰতে ভাৰতী-হৰ্ষৰ জীৱনলৈ আগমন ঘটিব ন’ আলহীৰ।
বিগত কিছুদিন ধৰি সামাজিক মাধ্যমত বিশেষভাৱে একাংশ নেটিজেনে চৰ্চা কৰি আছিল সচাঁকৈ মাক হ’বলৈ ওলাইছে নেকি ভাৰতী? ভাৰতীয়ে বিগত এবছৰ ধৰি নিজৰ স্বাস্থ্যৰো বিশেষ যত্ন লৈ থকা দেখা গৈছিল। অবশ্যে মাতৃ হ’বৰ বাবেই এই সকলোবোৰ আয়োজন কৰিছিল ভাৰতীয়ে সেই কথা পৰিস্ফুত হৈ পৰিছে। ২০১৭ চনত বিবাহপাশত আবদ্ধ হোৱা ভাৰতী-হৰ্ষে এই সুখবটোৰ সৈতে প্ৰকাশ কৰিছে নিজা এক ইউটিউব চেনেল আৰম্ভ কৰাৰ কথাও। ভাৰতী টিভি নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে শ্বেয়াৰ কৰিব কমেডিও বুলি জনাইছে দম্পত্তিহালে।
উল্লেখ্য যে শনিবাৰে পুৱাতেই এই ভাল খবৰটো শ্বেয়াৰ কৰিছে ভাৰতী-হৰ্ষে। নতুন অতিথিৰে ঘৰখন ভৰি পৰিব সেই উলাহতে এপাক ভাংৰাও নাচিছে ভাৰতীয়ে। ইতিমধ্যে ভাৰতীয়ে পূৰ্বৰ দৰে বিভিন্ন ৰিয়েলিটি শ্বত অংশগ্ৰহনৰ পৰাও বিৰত আছে। সন্তানসম্ভৱা হ’ব বাবেই ভাৰতীয়ে নিজৰ দেহৰ পৰা ১৫ কিঃগ্ৰাঃ ওজনো হ্ৰাস কৰিছে বুলি জানিবলৈ দিয়ে।