1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2024, 10:31 pm
Trending:
ৰাজ্যৰ কাৰ্যবাহী অভিযন্তাসকলৰ পৰা বান-খহনীয়া সন্দৰ্ভত বুজ ল’লে মন্ত্ৰী পীযূষ হাজৰিকাৰ আপুনি জানেনে নৰসিংহ পাত আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী! কনজাংটিভাইটিছৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এইসমূহ উপায় আৰু দূৰত থাকক চকুৰ সমস্যাৰ পৰা আপোনাৰ নখকেইটা ধুনীয়া কৰি ৰাখিবলৈ মানি চলক কিছু ঘৰুৱা নিয়ম! পনীৰ প্ৰিয় যদি জানি লওঁক কিদৰে চিনাক্ত কৰিব প্ৰকৃত আৰু নকল পনীৰ! ভাৰতৰ সৰ্বোচ্চ ৰে’ল ষ্টেচনটো, য’ত শিৰৰ ওপৰত থাকে ডাৱৰ জন উইক’ নিৰ্মাতাই ক্ৰয় কৰিলে কৰণ জোহৰৰ ‘কিল’ ছবিৰ হলিউডৰ ৰিমেক ৰাইট। সনাতন ধৰ্মত জগন্নাথ ৰথ যাত্ৰাৰ আছে এক বিশেষ তাৎপৰ্য! আপুনি জানেনে আপোনালৈ হোৱাটছ এপত পঠোৱা ভিন্নৰঙী ‘LOVE EMOJI’য়ে কি কি বুজায়? অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত উপস্থিত ৰোহিত-হাৰ্দিক-সূৰ্যক কাষত লৈ আবেগিক নীতা আম্বানী!

তেলেংগানাত বায়ুসেনাৰ প্ৰশিক্ষাৰ্থী বিমান দুৰ্ঘটনাগ্ৰস্ত, দুজন পাইলট নিহত

  • Update Time : Monday, December 4, 2023

আজি পুৱা তেলেংগানাৰ মেডাক জিলাত ভাৰতীয় বায়ুসেনাৰ প্ৰশিক্ষক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ দুজন পাইলয়ৰ মৃত্যু হয়। দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এই দুৰ্ঘটনাৰ সঠিক কাৰণ জানিবলৈ বৰ্তমান তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

আৰক্ষীয়ে জনোৱা মতে, এই দুৰ্ঘটনা সংঘটিত হৈছে মেডাক জিলাৰ টুপাৰাণ মণ্ডলত। আৰক্ষীয়ে জনাই যে দুৰ্ঘটনাৰ সময়ত বিমানখনত এজন প্ৰশিক্ষক আৰু এজন প্ৰশিক্ষাৰ্থী পাইলট উপস্থিত আছিল। জ্যেষ্ঠ আৰক্ষী বিষয়াজনে জনোৱা মতে, হায়দৰাবাদৰ সমীপৰ ডুণ্ডিগালত থকা এয়াৰ ফৰ্চ একাডেমীৰ পৰা বিমানখন উৰা মাৰিছিল। তেওঁ কয় যে এ এফ এ কৰ্তৃপক্ষই সেই স্থানত উপস্থিত হৈছে।

ভাৰতীয় বায়ুসেনাই জনোৱা মতে, বিমানখনে হায়দৰাবাদৰ বায়ুসেনা একাডেমীৰ পৰা প্ৰশিক্ষণৰ ৰুটিনৰ বাবে উৰা মাৰিছিল যেতিয়া তেতিয়াই এই দুৰ্ঘটনা সংঘটিত হয়। বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত এজন প্ৰশিক্ষক আৰু এজন প্ৰশিক্ষাৰ্থী পাইলট আছিল। ভাৰতীয় বায়ুসেনাই এই তথ্য এক্স (পূৰ্বৰ টুইটাৰ)ত যোগে জনাইছে।

আপোনালোকক কওঁ যে Pilatus PC 7 MK II বিমান হৈছে একক ইঞ্জিনৰ বিমান, যাৰ ওপৰত ভাৰতীয় বায়ুসেনাৰ পাইলটসকলে ভিত্তিক প্ৰশিক্ষণ লয়। দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ কৰ্ট অফ এনকোৱাৰিক নিৰ্দেশ দিছে বায়ুসেনাই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme