1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 6:36 pm

আনতকৈ পৃথক, আনতকৈ ব্যতিক্ৰম অথচ বিশেষ এখন বিবাহ

  • Update Time : Sunday, November 26, 2023

ডিজিটেল ডেস্কঃসম্প্ৰতি যেন নিজৰ বিবাহ আনতকৈ পৃথকৈ, ব্যতিক্ৰমকৈ উদযাপনৰ এক অঘোষিত প্ৰতিযোগিতা চলিছে। কেনেকৈ ব্যতিক্ৰমীধৰণে বিবাহ অনুষ্ঠান আয়োজন কৰিব পাৰি তাৰে প্ৰতিযোগিতা। এনে ধামখুমিয়াত কিন্তু হেৰায়ো গৈছে অসমীয়া বিবাহৰ বিভিন্ন আচাৰ-নীতি। তাৰ বিপৰীতে স্থান লৈছে বিভিন্ন বহিৰাগত হালধি-মেহেন্দিৰ অনুষ্ঠানে। অৱশ্যেই কিছু বিবাহ অনুষ্ঠানক বাদ দি সকলো পূৰ্বৰে পৰা চলি অহা আচাৰ-নীতিৰ মতেই অনুষ্ঠিত হৈ আহিছে। যিহেতু বিবাহ এক পৱিত্ৰ বান্ধোন গতিকে দুয়োজনৰে মন মিলিলেই ভগৱানক সাক্ষী কৰি বিবাহত বহিব পাৰে।

শেহতীয়াকৈ এখন বিশেষ বিবাহ চৰ্চিত হৈ পৰিছে। যদিওবা অনুষ্টুপীয়াকৈ অনুষ্ঠিত হৈছে এই বিবাহ কিন্তু এই বিবাহে সকলোৰে হৃদয় চুই গৈছে। দৰা-কইনা দুয়োগৰাকীয়ে অন্ধ। দৰাজনে নতুনকৈ চতুৰ্থবৰ্গৰ চাকৰি লাভ কৰি এখন বিদ্যালয়ত যোগদান কৰিছে। কইনাগৰাকী দৰা কাৰ্তিকৰ অন্ধ স্কুলৰ সহপাঠী আছিল। দুয়োগৰাকীয়ে হোমাগ্নিক সাক্ষী কৰি ৭টা জনমলৈ ইজনে সিজনৰ হাতত হাত থৈ সুখ-দুখৰ সমভাগী হোৱাৰ শপত লয়। দৰা-কইনাক আশীষ যাচিছে সকলোৱে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme