ৰেভ পাৰ্টীত বিযাক্ত সাপৰ সৈতে ভয়ংকৰ খেলা কৰি গ্ৰেপ্তাৰ হ’ল জনপ্ৰিয় ইউটিউবাৰ তথা BIGG BOSS OTTৰ বিজেতা এলভিছ যাদৱ। ইউটিউবাৰ এলভিছ যাদৱৰ ৰেভ পাৰ্টীৰ পৰা জব্দ কৰা হৈছে ৫ডাল বিষাক্ত ৰাজফেঁটী। উল্লেখ্য যে, ৰাজফেঁটীৰ মাত্ৰ এটা দংশনতে নিমিষতে মৃত্যু হ’ব পাৰে যিকোনো ব্যক্তিৰ। সেই বিষাক্ত ৰাজফেঁটী অৰ্থাৎ কোব্ৰাৰ সৈতেই পাৰ্টী কৰিলে এলভিছ যাদৱেসহ একাংশ যুৱক আৰু বিদেশী যুৱতীয়ে। ৫ ডাল ৰাজফেঁটীসহ, ছেণ্ড বোৱা সাপ, পাইথন, ৰেট স্নেকসহ ২০ৰ পৰা ২৫ এম.এল. সাপৰ বিষো উদ্ধাৰ কৰা হৈছে ইউটিউবাৰ এলভিছ যাদৱৰ ৰেভ পাৰ্টীত। এই ঘটনা সংঘটিত হৈছে নয়দাত। আৰক্ষীৰ তথ্যত পোহৰলৈ আহিছে কিমান ভয়ংকৰ আছিল এই ৰেভ পাৰ্টী। একেদৰে পোহৰলৈ আহিছে তথাকথিত একাংশ ছেলিব্ৰেটীৰ অন্ধকাৰ জগতৰ কথা । আৰক্ষীৰ অভিযোগ অনুসৰি, জনপ্ৰিয় ইউটিউবাৰ তথা BIGG BOSS OTTৰ বিজেতা এলভিছ যাদৱে বিদেশী যুৱতীৰ সৈতে কৰা পাৰ্টীত সুৰাপানৰ লগতে বিষাক্ত সাপৰ বিষ সেৱন কৰিছিল। বৰ্তমান আৰক্ষীয়ে ৬ জনক কৰিছে গ্ৰেপ্তাৰ। ইয়াৰ পূৰ্বেও বিষাক্ত সাপৰ সৈতে ভিডিঅ’ শ্বুট কৰিছিল এলভিছ যাদৱে
ৰেভ পাৰ্টীৰ বাবে সাপৰ বিষ যোগান ধৰা ছয়জন চোৰাং ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। খবৰ অনুসৰি, বিষাক্ত সাপ আৰু বিষ যোগানৰ বাবে লৈছিল বৃহৎ পৰিমাণৰ ধন। পশু কল্যাণ বিষয়া গৌৰৱ গুপ্তাই দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষী আৰু বন বিভাগে চলাইছিল অভিযান। আৰক্ষী আৰু বন বিভাগৰ অভিযানতেই পোহৰলৈ আহিছে নিশাৰ আন্ধাৰত সংঘটিত এই ভয়ংকৰ ৰেভ পাৰ্টীৰ ঘটনা। ইতিমধ্যে বন বিভাগে বন জীৱ সংৰক্ষণ আইন ১৯৭২ৰ অধীনত ৰুজু কৰিছে গোচৰ। বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ৰ ৭ নং ধাৰাৰ অধীনৰ যিকোনো ব্যক্তিয়ে সাপ নিজৰ জিম্মাত ৰাখিলে ৭ বছৰ সশ্ৰম কাৰাদণ্ড বিহা হয়৷ একেদৰে অসমত এই শাস্তিৰ ম্যাদ ১০ বছৰ পৰ্যন্ত জেইল৷