1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 6:49 pm

ৰাজধানী এক্সপ্ৰেছৰ ৰঙ কিয় অন্য ট্ৰেইনতকৈ পৃথক জানেনে…?

  • Update Time : Friday, December 10, 2021

ডিজিটেল ডেস্কঃ ট্ৰেইনত নিশ্চয় আপোনালোক প্ৰায়সংখ্যকৰে যাত্ৰা কৰাৰ অভিজ্ঞতা আছে। দূৰ যাত্ৰাত যদিও এৰোপ্লেনকে প্ৰথমে বাছনি কৰা হয় তথাপিও ট্ৰেইনৰ যাত্ৰাকে বেছিসংখ্যকে অগ্ৰাোধিকাৰ দিয়ে। ট্ৰেইন যাত্ৰাৰ সুকীয়া মাদকতা আছে কিন্তু আপোনালোকে এটা কথা মন কৰেনে! প্ৰায়সংখ্যক ট্ৰেইনৰ ডবাৰ ৰঙ নীলা। তাৰ মাজতে ডিব্ৰুগড়-দিল্লী যাত্ৰাৰ বাবে থকা ৰাজধানী এক্সপ্ৰেছৰ ৰঙ সম্পূৰ্ণ পৃথক। ৰাজধানী এক্সপ্ৰেছৰ প্ৰত্যেকটো ডবাই কমলা ৰঙৰ। শেহতীয়াভাৱে ট্ৰেইনৰ ডবাৰ ৰঙ পুনৰ সলনি কৰি ঈষৎ হালধীয়া কৰা হৈছে। পিছে ৰঙ সলনি কৰা হোৱা নাই ৰাজধানী এক্সপ্ৰেছৰ। ইয়াৰ আঁৰত আছে বহুকেইটা কাৰণ।

নব্বৈৰ দশকৰ আৰম্ভণিৰে পৰা ভাৰতীয় ৰেলত নীলা ৰঙ ব্যৱহাৰ কৰি অহা হৈছে। নীলা ৰঙৰ ডবাটোলৈ চায়েই অনুমান কৰিব পাৰি যে এই ডবাসমূহৰ লগতে ইঞ্জিনো চেন্নাইৰ ইনট্ৰিগ্ৰেল ক’চ ফেক্টৰীত তৈয়াৰ কৰা দবা। অৰ্থাৎ চমুকৈ ‘আইচিএফ’ ডবা। এই ট্ৰেইন সমূহে প্ৰতি ঘণ্টাত ৭০ ৰ পৰা ১৪০ কিঃমিঃ বেগত যাত্ৰা কৰিব পাৰে। এই ট্ৰেইন নিৰ্মাণৰ প্ৰতিটোতে কেচাঁমাল হিচাপে লোহাই ব্যৱহাৰ কৰা হয়। কিন্তু ৰাজধানী এক্সপ্ৰেছৰ ৰঙ কমলা হোৱাৰ কাৰণ হৈছে এই ডবা তথা ইঞ্জিন তৈয়াৰ কৰা কোম্পানীটো বেলেগ। ৰাজধানীৰ ক’চ তৈয়াৰ কৰিছে এল এইচ বি নামৰ এটা কোম্পানীয়ে। পোনতে ৰাজধানী এক্সপ্ৰেছৰ ডবা তথা ইঞ্জিন জাৰ্মানৰ পৰা আমদানী কৰা হৈছিল। অন্য ট্ৰেইনৰ ডবাতকৈ ইয়াৰ ডবাসমূহ পাতল হয় যাৰ বাবে ঘণ্টাত ২০০ কিঃমিঃ তকৈ ও অধিক বেগত যাত্ৰা কৰিব পাৰে। অবশ্যে এতিয়া আৰু এই ডবা জাৰ্মানীৰ পৰা আমদানী নকৰিলেও চলে কিয়নো এতিয়া একেই ডবা পঞ্জাৱৰ কাপুৰথালা নামৰ ঠাইতে এই ডবা তৈয়াৰ কৰিব পাৰি।

উল্লেখ্য যে বৰ্তমান ভাৰতত কমলা আৰু নীলাক বাদ দিও অন্য ৰঙৰ ট্ৰেইন দেখা যায়। এতিয়া প্ৰতিটো ডবাই এ এইচ বি। এই ট্ৰেইনসমূহৰ প্ৰত্যেকটোৱেই দ্ৰুত গতিত চলে। যেনে শতাব্দী। শতাব্দীৰ ৰঙ ইষৎ হালধীয়াৰ লগত নীলা ৰঙটো ব্যৱহাৰ কৰা হয়। ঠিক একেদৰে তেজস এক্সপ্ৰেছৰ ক্ষেত্ৰত কমলা ৰঙ ব্যৱহাৰ কৰা হয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme