1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 10:49 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

বৃদ্ধি হ’ল কণীৰ দাম, যোৰা ১৪ টকা নহয় এটা কণীত ১৫ টকা

  • Update Time : Thursday, September 21, 2023

ভাৰতৰ পৰা চাৰি কোটি কণী আমদানি কৰাৰ সিদ্ধান্ত গ্ৰহণ বাংলাদেশৰ। শেহতীয়াকৈ কণীৰ চাহিদা সাংঘাতিকভাৱে বৃদ্ধি পাইছে বাংলাদেশত। যাৰ ফলত একোটা কণীৰ দাম হৈছেগৈ ১৫ টকা পৰ্যন্ত। উল্লেখযোগ্য যে কণীৰ চাহিদা বৃদ্ধি পোৱালৈ লক্ষ্য কৰি বাংলাদেশৰ বাণিজ্য মন্ত্ৰণালয়ে কণীৰ দাম ১২ টকাকৈ ধাৰ্য কৰিছিল। কিন্তু তাৰ মাজতো একাংশ অসাধু ব্যৱসায়ীয়ে ১২ টকাৰ ঠাইত ১৫ টকাত কণী বিক্ৰী কৰা পৰিলক্ষিত হৈছে। যাৰ বাবে একাংশ পাইকাৰী ব্যৱসায়ী তথা মধ্যভোগীৰ বিৰুদ্ধে জনসাধাৰণক ভাৰাক্ৰান্ত কৰাৰ অভিযোগ উত্থাপন হৈছে।
কণীৰ এই অভাৱনীয় নাটনি দূৰ কৰিবলৈ বাংলাদেশে ভাৰতৰ পৰা চাৰি কোটি কণী আমদানি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে এই ক্ষেত্ৰত দেশখনৰ বাণিজ্য মন্ত্ৰণালয়ে ধাৰ্য কৰিছে কিছুমান নিয়ম। সেই নিয়ম অনুসৰি যি দেশৰ পৰা বাংলাদেশলৈ কণী ৰপ্তানি কৰা হ’ব সেই দেশখন এভিয়ান ইনফ্লুয়েঞ্জা বা বাৰ্ডফ্লু মুক্ত হ’ব লাগিব। লগতে কণী আমদানি কৰা প্ৰতিষ্ঠানসমূহে নিৰ্ধাৰিত হাৰত বাংলাদেশ চৰকাৰক শুল্ক আদায় কৰাটো বাধ্যতামূলক।
বৰ্তমান ভাৰতৰ মীম এন্টাৰপ্ৰাইজ, প্ৰাইম এনাৰ্জী ইম্প’ৰ্টাছ, এণ্ড ছাপ্লায়াৰ্ছ, টাইগাৰ ট্ৰেডিং আৰু অৰ্ণৱ ট্ৰেডিং লিমিটেড নামৰ প্ৰতিষ্ঠানকেইটাৰ পৰা কণী আমদানিৰ বাবে অনুমতি লাভ কৰিছে বাংলাদেশে। পৰৱৰ্তী সময়ত অন্যান্য চুবুৰীয়া দেশসমূহৰ পৰাও কণী আমদানি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বাংলাদেশে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme