1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 7:12 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

কৰিশ্মা নাথ সঁচাকৈ অভদ্ৰ, অসভ্য নেকি? দম্ভ আৰু অহংকাৰৰ নাটক শেষ… বয়কট কৰিশ্মা

  • Update Time : Tuesday, September 19, 2023

ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিশাটোৰ ভিতৰতে ভাইৰেল হৈ পৰা কৰিশ্মা নাথক লৈ পুনৰ ব্যাপক চৰ্চা৷ কৰিশ্মাই গোৱা নাগাৰা নাম ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই ষ্টাৰত পৰিণত হৈছিল এইগৰাকী কৰিশ্মা নাথ। ছচিয়েল মিডিয়াই নহয়, টিভি-বাতৰি কাকততো বিশেষভাৱে স্থান লাভ কৰিলে কৰিশ্মা নাথে। সাক্ষাৎকাৰ দি তৎ নোপোৱা হৈছিল এইগৰাকী যুৱতীয়ে। বিতৰ্কৰ মাজতো কৰিশ্মাৰ ‘পে পে’ নাগাৰা নামটোক আকোঁৱালি লৈছিল ৰাজ্যবাসীয়ে। সেই বহুচৰ্চিত নাগাৰ নাম শুনিবলৈকে সংবাদ মাধ্যমৰ কৃপাত কৰিশ্মাক আমন্ত্ৰণ জনালে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজে। নিশাটোৰ ভিতৰতে সংবাদ মাধ্যমৰ জহত কৰিশ্মাৰ দৰে জনপ্ৰিয় হোৱা পাঠিকা সমাজত খুব কমেই আছে। কিন্তু এইগৰাকী কৰিশ্মাই পাহৰি গ’ল সংবাদ মাধ্যমৰ ভূমিকা। দম্ভ আৰু অহংকাৰে আগুৰি ধৰিলে এইগৰাকী উদীয়মান শিল্পীক। নিজৰ বিতৰ্কিত শৈল্পিক উত্থানৰ পটভূমি পাহৰি সংবাদ মাধ্যমক এইবাৰ নিৰ্লজ্জভাৱে আক্ৰমণ কৰিলে কৰিশ্মাই। সংবাদ মাধ্যমক উদ্দেশ্যি কৰা কটু মন্তব্য শেহতীয়াকৈ ভাইৰেল হোৱাৰ পিছতেই পুনৰ চৰ্চালৈ আহিছে বিতৰ্কিত কৰিশ্মা নাথ।
উল্লেখযোগ্য যে, শেহতীয়াকৈ এক অনুষ্ঠানত নাগাৰা নাম গোৱাৰ চলেৰে কৰিশ্মাই উপস্থিত সংবাদ মাধ্যমৰ লোকক উদ্দেশ্যি কৰা কটু মন্তব্যই উদঙাইছে কৰিশ্মাৰ অহংকাৰ আৰু দম্ভ। সামাজিক মাধ্যমত ভাইৰেল হোৱা এক অনুষ্ঠানৰ ভিডিঅ’ত কৰিশ্মাই নিজকে বিখ্যাত শিল্পী বুলি বডী লেংগুৱেজ প্ৰদৰ্শন কৰি সংবাদ মাধ্যমৰ লোকক উদ্দেশ্যি কৰা কটু মন্তব্য আছিল অতি দৃষ্টিকটু। নাগাৰা নাম গোৱাৰ চলেৰে সংবাদ মাধ্যমৰ লোকক উদ্দেশ্যি কৰিশ্মাই বাৰে বাৰে কৈছিল, “মই কি কৈছো শুনা নাই? ভালে ভালে কৈছো ইয়াৰ পৰা ওলাই যা। মই যাব দিছো ইয়াৰ পৰা ওলাই যা।” এইকেইশাৰী কটু বাক্যকে নাগাৰা নামৰ চলেৰে কেইবাবাৰো আওৰালে কৰিশ্মাই।
কৰিশ্মা নাথৰ এনে চৰম অভব্য আচৰণৰ বাবে স্তম্ভিত ৰাজ্যবাসী৷ হয়তো এয়ে পাঠিকাগৰাকীৰ অধপতনৰ আৰম্ভণি৷ পাঠিকাগৰাকীৰ এনে কাৰ্য্যত গৰিহণা বিভিন্ন মহলৰ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme