ডিজিটেল ডেস্কঃ সকলো এছ অ পি উফৰাই অৱশেষত ভাইৰেল হল বিকি-কেটৰীণাৰ বিয়াৰ প্ৰথমখন ফটো। ৰাজস্থানত সম্পন্ন হোৱা বিয়াৰ ফটোখন শেহতীয়াকৈ ছচিয়েল মিডিয়াত বিয়পি পৰিছে।
টুইটাৰত এগৰাকীয়ে এই ফটোখন শ্বেয়াৰ কৰাৰ লগে লগে লক্ষ লক্ষ কমেন্ট আৰু শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, বৃহস্পতিবাৰে বিয়লি ভাগত আনুষ্ঠানিকভাৱে সম্পন্ন হয় কেট-বিকিৰ বিয়াৰ সকলো নীতি-নিয়ম। এই বিবাহ অনুষ্ঠানত তেওঁৰ ঘনিষ্ঠসকলৰ বাদে অন্য কোনো লোকক প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই।