ৰিচা ভৰদ্বাজ। বৰ্তমান নৱপ্ৰজন্মৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী৷ কিন্তু হঠাতেই কণ্ঠশিল্পীগৰাকীয়ে যেন নিজৰ ভাগ্যক তাচ্ছিল্য কৰি নিজকে সম্বোধন কৰিলে অভাগিনী বুলি৷ কিন্তু অভাগিনীহ’লেও ৰিচা ভৰদ্বাজে জনসাধাৰণলৈ কৰিলে এক কাতৰ আহ্বান৷ দৰাচলকে কণ্ঠশিল্পী ৰিচা ভৰদ্বাজে নিজৰ ফেচবুক একাউণ্টত নাওবৈছাৰ-পেৰাভাৰী গাঁৱৰ এগৰাকী দুৰ্ভগীয়া যুৱক পুতুল বৰুৱাৰ বাবে ৰাইজৰ পৰা সহায় সহযোগ বিচাৰিছে৷ ৰিচা ভৰদ্বাজে নিজৰ ফেচবুক পোষ্টত যুৱকজনৰ পোষ্ট এটা শ্বেয়াৰ কৰি লিখিছে৷
‘বৰ্তমান উন্নত চিকিৎসাৰ বাবে বাংগালোৰত আছেগৈ । প্ৰয়োজন কিছু অৰ্থৰ । আপোনাক যিয়ে যেনেকৈ পাৰে অলপ সহায় কৰক চোন …..
নমস্কাৰ গ্ৰহণ কৰিব ….
এই অভাগিনীয়ে হৃদয়বান ৰাইজৰ অকনমান মৰম আৰু সহায় বিচাৰিছো…..
মোৰ ঘৰ লক্ষীমপুৰ জিলা- নাওবৈছাৰ-পেৰাভাৰী গাৱত,,অতি দুখেৰে জনাও যে 2012 চনত এক পথ দুঘটনা হয় সেই সময়ত লক্ষীমপুৰৰ পৰা মোক গুৱাহাটী মেডিকেল কলেজলৈ ৰেফাৰ কৰে যদিও চাৰি মাহ চিকিৎসা কৰি একো সু-ফল নাপালো।
পৰৱতী সময়ত বিহাৰৰ পাটনাত চিকিৎসা কৰি সকলো সা-সম্পত্তি শেষ হল যদিও সম্পূৰ্ণকৈ আৰোগ্য লাভ নকৰিলো,,হাড়ত অলপ ইনফেচন হৈ থাকিলে।
এনেকৈয় ঘৰৰ
সন্মুখত চেলুন এখন খুলি কোনো মতে পৰিয়াল টো পোহপাল দি আছিলো।
সেই সময়ত চৰকাৰৰ জনপ্ৰতিনিধি বহুতকে সহায় বিচাৰিছিলো যদিও কাৰো সহায় নাপালো..?
2023 চনৰ মে মাহত আয়োচমান কার্ড খনত মোৰ ভৰিটো চিকিৎসা কৰিব পৰা হব নি জি এম চি হাস্পতালৰ অধক্ষ্যক শুধি লগৰ এজনৰ ৰোমলৈ গৈ থাকোঁতে টম টম এখনে খুন্দিয়াই আগৰ ভগা ভৰিটোত আকৌ বহুত জখম কৰি দিয়ে।
বৰ্তমান জি এম চি হাস্পতালত চিকিৎসা কৰিলো যদিও তাত চিকিৎসা ব্যৱস্থা টো ভাল নহয় কাৰণে ভৰিটো ইনফেচন টো বেছি হৈয় গৈছে।বৰ্তমান উন্নত চিকিৎসা কৰিবলৈ অর্থৰ অভাৱ হোৱাৰ কাৰণে ঘৰতে থকিব লগা হৈছে…???
ৰাইজে নখ জোকাৰিলে নৈ বয় সেই হে সু-হৃদয় বান ৰাইজৰ অকনমান মৰম আৰু সহায় বিচাৰিছো((পুষ্ট টো চেয়াৰ কৰি মোক এই বিপদৰ পৰা ৰক্ষা কৰে যেন এইয়াই মোৰ আপোনা লোকৰ ওচৰত সৰল প্ৰাৰ্থনা…..
শ্রী পুতুল বৰুৱা
SBI A/C=31976133361
SBIN=0007412
Gpy=6000753928’
ইয়াৰ পূৰ্বে দুৰ্ভগীয়া যুৱকজনৰ হৈ ৰাইজৰ ৰাইজৰ পৰা সহায় সহযোগ বিচাৰিছিল অভিনেতা ৰবি শৰ্মাই৷