অসমৰ সংগীতজগতৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী৷ নিজৰ সূকীয়া কণ্ঠশৈলী আৰু ৰূপৰ বাবে প্ৰিয়ংকা ভৰালীক নিচিনা মানুহ চাগে খুব কমেই ওলাব৷ কেইবাটাও জনপ্ৰিয় গীতৰ জৰিয়তে প্ৰিয়ংকা ভৰালীয়ে শ্ৰোতা ৰাইজৰ বুকুত স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ নিজৰ ব্যক্তিগত জীৱনত বহু ঘাট-প্ৰতিঘাট নেওচা প্ৰিয়ংকা ভৰালীৰ আন এক বিশেষত্ব হ’ল স্পষ্টবাদীতা৷ পিছে প্ৰিয়ংকা ভৰালী এইবাৰ পুনৰ প্ৰেমত পৰিল৷ কণ্ঠশিল্পীগৰাকীয়ে নিজৰ ফেচবুক পেজত শ্বেয়াৰ কৰিছে এখন বিশেষ ফটো৷ যত কেপচন হিচাপে লিখা হৈছে- ‘তুমি ৰৈ যোৱা মোৰ কলিজাত’৷ এই কেপচনক লৈ এতিয়া নেট দুনীয়াত ব্যাপক চৰ্চা৷ পিচে কণ্ঠশিল্পীগৰাকীৰ এই বাস্তৱ জীৱনৰ পংক্তি নহয়৷ দৰাচলতে প্ৰিয়ংকা ভৰালীৰ আহিবলগীয়া এটা শ্ৰুতিমধুৰ গীত ‘তুমি ৰৈ যোৱা মোৰ কলিজাত’৷ কণ্ঠশিল্পীগৰাকীৰ আহিবলগীয়া গীতটিক লৈ ব্যাপক উৎসুকতা অনুৰাগীসকলৰ মাজত৷