1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 5:32 pm

কৃষকৰ সমান কাৰ শক্তি আছে, ৰাজনীতিত মই কেতিয়াও নাইঃ ৰাকেশ

  • Update Time : Thursday, December 9, 2021

ডিজিটেল ডেস্কঃ এবছৰীয়া কৃষক আন্দোলনৰ সফল পৰিসমাপ্তি। কৃষকৰ সকলো দাবী চৰকাৰে মানি লোৱাৰ পাছত প্ৰতিবাদ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিলে কৃষকসকলে। আন্দোলন সমাপ্ত হোৱাৰ পাছতে এতিয়া চৰ্চা হৈছে এই সমগ্ৰ কৃষক আন্দোলনৰ গুৰি ধৰা ৰাকেশ টিকাইটে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিব নেকি! এই সকলো চিন্তা-চৰ্চাক যতি লগাই অৱশেষত কৃষক নেতাগৰাকীয়ে ঘোষণা কৰিলে যে- মই সক্ৰিয় ৰাজনীতিত কেতিয়াও প্ৰৱেশ নকৰো।

সংবাদমাধ্যমৰ সৈতে এক সাক্ষাতকাৰত তেওঁ কয়- কৃষকৰ শক্তি কাৰোৰে সৈতে তুলনা নহয়। আমি ইয়াৰ প্ৰমাণ দিলো। সকলো ষড়যন্ত্ৰ উফৰাই আমি সফল হলো। এয়াই এই মূৰ্হুতত আটাইতকৈ ডাঙৰ কথা। মই আজিয়েই কৈ থৈলো মই কেতিয়াও সক্ৰিয় ৰাজনীতিত প্ৰৱেশ নকৰো। কৃষক যেতিয়া খেতি কৰিয়েই জীৱন নিৰ্বাহ কৰিম।

উল্লেখ কৰা প্ৰয়োজন যে, ১১ডিচেম্বৰত সকলো কৃষক ঘৰাঘৰি হব। এই কথাও আনুষ্ঠানিক ঘোষণা কৰিছে ৰাকেশ টিকাইটে।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme