ডিজিটেল ডেস্কঃ বলিউদৰ প্ৰথমগৰাকী মহিলা চুপাৰষ্টাৰ শ্ৰীদেৱীৰ জন্ম হৈছিল আজিৰ দিনটোতে। ১৯৬৩চনৰ ১৩আগষ্টত জন্ম হৈছিল শ্ৰীদেৱীৰ।তেওঁ বলিউড, তেলুগু, তামিল, মালয়ালম আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে।[7] তেওঁক বলিউডৰ প্ৰথম গৰাকী মহিলা “চুপাৰষ্টাৰ” হিচাপে অভিভীত কৰা হয়।
২০১৮চনৰ ২৪ ফেব্ৰুৱাৰীত ডুবাইত আকষ্মিকভাৱে মৃত্যু হোৱা শ্ৰীদেৱী জীয়াই থকা হ’লে আজি ৫৯ বছৰীয়া হ’ল হেতেন। অভিনয়ৰ জৰিয়তে দৰ্শকৰ আপোন হৈ পৰা এই মোহময়ী অভিনেত্ৰীগৰাকীৰ জন্মদিনত বিশেষভাৱে সোঁৱৰণ কৰিলে তেওঁৰ কন্যা জাহ্নবী কাপুৰে।
জনা যায় যে শ্ৰীদেৱীয়ে বনী কাপুৰ (Boney Kapoor) আৰু কনিষ্ঠ কন্যা খুশীৰ (Khushi) সৈতে ডুবাইৰ বিবাহ ঘৰলৈ গৈছিল। বিবাহ শেষ হʼলেও অভিনেত্ৰীগৰাকীয়ে আৰু কেইদিনমান তাতেই থকাৰ সিদ্ধান্ত লয়। ডাঙৰ জীয়েক জাহ্নৱীৰ (Janhvi) বাবে বজাৰ কৰিবৰ বাবে আৰু কেইদিনমান ডুবাইত (Dubai) থকাৰ পৰিকল্পনা কৰিছিল।
সেই মৰ্মান্তিক দিনটোৰ আগতেই কিবা কাৰণত ভাৰতলৈ উভতি আহিছিল বনী কাপুৰ। ভাবিলে উভতি গৈ শ্ৰীদেৱীক আচৰিত কৰি দিব। পৰিকল্পনা অনুসৰি সেইদিনা সন্ধিয়া বনী ডুবাইলৈ গʼল। বনীয়ে সন্ধিয়া প্ৰায় ৬.৩০ মান বজাত পত্নীক লগ পালে।
হোটেলৰ কোঠাত বনী কাপুৰ আৰু শ্ৰীদেৱীয়ে আড্ডা মাৰি আছিল। বহু সময় কথা পাতি শ্ৰীদেৱীয়ে বাহিৰলৈ ওলোৱাৰ আগতে সাজু হʼবলৈ বাথৰুমলৈ গʼল। অভিনেত্ৰী পত্নীৰ মৃত্যুৰ কথা মনত পেলাই বনী কাপুৰে এক সাক্ষাৎকাৰত কয়, ‘শ্ৰীদেৱীয়ে গা ধুবলৈ গৈছিল আৰু বাহিৰলৈ ওলাই যাবলৈ সাজু হৈছিল।’
সেই সময়ত বনী কাপুৰে টিভি চাই শ্ৰীদেৱীৰ সাজু হোৱালৈ অপেক্ষা কৰি আছিল। কিছুসময় পাৰ হোৱাৰ পাছত ঘৈণীয়েক ঘূৰি নোযোৱাত বনীয়ে মাতিলে। কিন্তু কোনো উত্তৰ অহা নাই।কিছু সময় ফোন কৰাৰ পিছতো কোনো উত্তৰ নোপোৱাৰ বাবে বনী কাপুৰে বাথৰুমলৈ গʼল। বাথৰুমৰ দুৱাৰত হুক লগোৱা নাছিল। বনী গৈ দেখিলে যে শ্ৰীদেৱী বাথটাবত ডুবি আছে। টেপ অন হৈ আছে। তাৰ পৰা পানী সৰি পৰিছে।
ইয়াৰ লগে লগে কেইবাখনো জনপ্ৰিয় বোলছবি যেনে, ১৬ ভায়াথিনিলে (১৯৭৭), চিগাপ্পু ৰোজাক্কাল (১৯৭৮), ভাৰুমায়িন নিৰাম ছিভাপ্পু (১৯৮০), মীনদুম কোকিলা (১৯৮১), প্ৰেমাৱিশেষম (১৯৮১), মুনড্ৰাম পিৰাই (১৯৮২), আখাৰী পৰাটাম (১৯৮৮), জাগাডেকা ভীৰুডু অতিলোকা সুন্দৰী (১৯৯০) আৰু কৃষ্ণ কৃষ্ণাম (১৯৯১) আদিৰ জৰিয়তে নিজকে তামিল, তেলুগু, মালয়ালম আৰু কন্নড় ছবিৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে।
তেওঁ বলিউডৰ ছলভা চাৱান (১৯৭৮) খনৰ জৰিয়তে মুখ্য ভূমিকাত অভিনয় কৰিবলৈ সুযোগ পায়।[16] তাৰপিছত তেওঁ কেইবাখনো জনপ্ৰিয় ছবি যেনে, হিম্মতৱালা (১৯৮৩), মাৱালী (১৯৮৩), তহফা (১৯৮৪), নয়া কদম (১৯৮৪), মাশ্বক (১৯৮৪), মাষ্টৰজী (১৯৮৫), নাজৰণা (১৯৮৭), মিঃ ইণ্ডিয়া (১৯৮৭), ৱাক্ত কি আৱাজ (১৯৮৮) আৰু চান্দনী (১৯৮৯) আদি ছবিৰ জৰিয়তে নিজকে বলিউডত প্ৰতিষ্ঠা কৰে। কেইবাখনো বাণিজ্যিক চলচ্চিত্ৰ যেনে সাদমা (১৯৮৩), নাগিনা (১৯৮৬), চালবাজ (১৯৮৯), লামহে (১৯৯১), খোদা গাৱাহ (১৯৯২), গুমৰাহ (১৯৯৪), লাডলা (১৯৯৪) আৰু জুডাই (১৯৯৭)-ত কৰা অভিনয়ৰ বাবে বিশেষভাৱে প্ৰশংসিত হৈছিল। তেওঁ পাঁচটা ফিল্মফেয়াৰ বঁটা আৰু দহবাৰ এই বঁটালৈ মনোনয়ন লাভ কৰিছিল।