1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 9:49 am

আৰক্ষীক আপুনিও দিয়ক এতিয়া ধন্যবাদঃ লখিমপুৰত কৰি দেখুৱালে এই কাম…

  • Update Time : Monday, August 7, 2023

ডিজিটেল ডেস্কঃ গৰু-ড্ৰাগছ সৰবৰাহকে ধৰি সকলোধৰণৰ অপৰাধৰ ক্ষেত্রত শূন্য সহনশীল নীতি গ্রহণ কৰি আহিছে অসম আৰক্ষীয়ে৷ ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছৰে পৰা বিগত দুটা বছৰত বৃহৎ সলনি হৈছে অসম আৰক্ষী৷ জনসেৱাৰ স্বাৰ্থত কাম কৰি গৈছে অসম আৰক্ষীয়ে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি সিঙৰ কঠোৰ প্ৰয়াসৰ ফলত সলনি হ’ব ধৰিছে অসম আৰক্ষীৰ কৰ্ম সংস্কৃতি৷ আৰক্ষী সলনি হোৱাৰ লগে লগে অসমৰ মানুহৰ ধ্যান-ধাৰণাও সলনি হৈছে৷

কালিলৈ যধে-মধে, যতে-ততে গাড়ী থিয় কৰাই যান-জঁট সৃষ্টি কৰি লোকজন আজি সলনি হৈ পৰিল৷ নিয়মানুৱৰ্তিতা বৰ্তাই ৰাখিব ধৰিছে অসমৰ মানুহে৷ তাৰ শেহতীয়া উদাহৰণ হৈছে এয়া৷ উত্তৰ লখিমপুৰ চহৰত ৰাইজে চিগনেলত এটা দিশে খুব সুন্দৰকৈ শাৰীকৈ গাড়ী থিয় কৰাই ধৈৰ্য্যসহকাৰে ৰৈ থকা দেখা গৈছে৷ যান-বাহনৰ নিয়ম মানি নিজৰ দিশত গাড়ী থিয় কৰি ৰাখিছে৷  অতিক্ৰম কৰি ভুল দিশে গাড়ী প্ৰৱেশ কৰোৱা নাই৷ সতেত অসমত এনে দৃশ্য কমহে দেখা যায়৷ কিন্তু এই দৃশ্য দেখা গ’ল উত্তৰ লখিমপুৰ চহৰৰ ৰ’লে ক্ৰছিঙত৷

লখিমপুৰ আৰক্ষীয়ে এই ফটো শ্বেয়াৰ কৰি ট্ৰেফিক অনুশাসন পালন কৰাত উত্তৰ লখিমপুৰবাসীক ধন্যবাদ যাচিছে৷ আপুনি আৰু ময়ো উত্তৰ লখিমপুৰ চহৰবাসী আৰু লখিমপুৰ আৰক্ষীক ধন্যবাদ দিয়াত কৃপণালি কৰিব নালাগে৷ কথাতে আছে নহয়, কোনোবা নহয় কোনোবা ঠাইত আৰম্ভণি হ’বই লাগিব৷

তাৰ পৰাই চৌদিশে বিয়পি পৰক শুভ বাৰ্তা৷ আপুনি দেশ বিদেশৰ ফটো শ্বেয়াৰ কৰি বিভিন্নজনক বাঃ বাঃ দিয়ে৷ অসমৰ আৰক্ষীৰ এই কেইখন ফটো যদি আপোনাৰ নজৰত পৰিছে তেন্তে শ্বেয়াৰ কৰি আৰক্ষীকো বাঃ বাঃ দি সমগ্ৰ অসমলৈ এক বাৰ্তা প্ৰেৰণ কৰক৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme