1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:44 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

আম আদমী বুলি দাবী কৰি কেজৰিৱালৰ দলত ওলাইছে হত্যাকাৰী!

  • Update Time : Sunday, August 6, 2023

ডিজিটেল ডেস্কঃ  হাৰিয়ানাৰ নুহত হিন্দুৰ ধৰ্মীয় ৰেলীত জেহাদীয়ে আক্ৰমণ কৰা ঘটনাক লৈ ন-ন তথ্য পোহৰলৈ আহিছে৷ ৬ জনকৈ লোকে প্ৰাণ হেৰুওৱা নুহৰ হিংসাৰ সৈতে জড়িত আপ নেতা৷ হাৰিয়ানাৰ আম আদমী পাৰ্টিৰ ৰাজ্যিক আহ্বায়ক আহমেদ জাভেদ জড়িত এই হিংসাত৷ ইতিমধ্যে আহমেদ জাভেদৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ৷ মণিপুৰ আৰু হাৰিয়ানাৰ হিংসাক লৈ বিৰোধীয়ে ৰাজনীতি কৰাৰ সময়তে আপৰ নেতা এই হিংসাত জড়িত বুলি খবৰ প্ৰকাশ পোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

হিংসাৰ প্ৰায় তিনিটা দিন পাছত হাৰিয়ানাৰ হিংসাক লৈ আন এটা গোচৰ ৰুজু হৈছে৷ নতুনকৈ গোচৰ ৰুজু হৈছে আপ নেতা আহমেদ জাভেদৰ বিৰুদ্ধে৷ সেয়াও আপ নেতা আহমেদ জাভেদৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। বজৰং দলৰ কৰ্মীৰ হত্যা সন্দৰ্ভত আহমেদ জাভেদৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হৈছে। এজাহাৰ অনুসৰি আপ নেতা আহমেদ জাভেদে ৩১ জুলাইত চোহনাৰ নিৰংকাৰী চকত বজৰং দলৰ নেতা প্ৰদীপ কুমাৰক হত্যা কৰিবলৈ জনতাক উচতাইছিল। বজৰং দলৰ কৰ্মী পৱন কুমাৰে দাখিল কৰা এজাহাৰত কোৱা হৈছে আহমেদ জাভেদে এদল লোকৰ সৈতে বাহনখন ৰখাই আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিছিল৷ আক্ৰমণ কৰাৰ সময়ত প্ৰদীপ কুমাৰ আৰু পৱন কুমাৰ একেলগে আছিল৷

হিংসাত প্ৰাণ হেৰুওৱা প্ৰদীপ কুমাৰ আৰু পৱন কুমাৰক নালহাদ মন্দিৰৰ পৰা আৰক্ষীয়ে জীৱন্তে উদ্ধাৰ কৰিছিল। প্ৰদীপ কুমাৰ আৰু পৱন কুমাৰে ঘৰলৈ উভতি যাব খুজিছিল৷ সেই সময়ত আৰক্ষীৰ এখন বাহন তাত আছিল৷ আৰক্ষীৰ বাহনখন এটা পথ গুছি যায়৷ তাৰ পিছতে আন এটা পথেৰে প্ৰদীপ কুমাৰ আৰু পৱন কুমাৰে নিজৰ গাড়ীৰে ঘৰলৈ যাবলৈ ধৰে৷ তেনে সময়তে এখন গাড়ীয়ে প্ৰদীপ কুমাৰ আৰু পৱন কুমাৰৰ গাড়ীক পিছা কৰে৷ বাহন অতিক্ৰম কৰে বাহনৰ সন্মুখত গাড়ীখন ৰখাই দিয়ে। এজাহাৰ কৰ্তা পৱন কুমাৰৰ মতে আপ নেতা জাভেদ আহমেদ বাহনখনত আছিল৷ জাভেদ আহমেদৰ লগত থকা লোকসকলে প্ৰদীপক হত্যা কৰিবলৈ কয়। এজাহাৰখনত কোৱা হৈছে যে দুয়োকে বাহনৰ পৰা টানি নি বেয়াকৈ প্ৰহাৰ কৰিছিল। প্ৰদীপে পিছত দিল্লীৰ এখন চিকিৎসালয়ত আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে। এজাহাৰকৰ্তা পৱনে দাবী কৰে কৰিছিল যে আপ নেতা জাভেদ আহমেদে হিংসাৰ সময়ত চোহনা চকত প্ৰায় ২০০ জন লোকক নেতৃত্ব দি আছিল।

আপ নেতা আহমেদ জাভেদে অভিযোগ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি দাবী কৰিছে। মই দুয়ো সম্প্ৰদায়ৰ লোকসকলক সৈমান কৰিবলৈ চেষ্টা কৰিছিলো৷ মই সন্ধিয়া ৬ বজাত সেই ঠাইৰ পৰা গুচি গৈছিলো আৰু পিছদিনা পুৱা ৭ বজাত ঘূৰি আহিছিলো৷ এই ঘটনা নিশা ১০:৩০ বজাত সংঘটিত হৈছিল।

সহকাৰী আৰক্ষী আয়ুক্ত নবীন সান্ধুৱে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ নবীন সান্ধুৱে কয় যে পৱন কুমাৰে দাখিল কৰা অভিযোগৰ তদন্ত কৰি থকা হৈছে৷ অভিযোগ প্ৰমাণিত হ’লে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। উল্লেখ্য যে, ৩১ জুলাইত হাৰিয়ানাৰ নুহত বিশ্ব হিন্দু পৰিষদৰ ব্ৰজ মণ্ডল যাত্ৰাত সন্দেহজনক লোকে দলবদ্ধ আক্ৰমণ কৰে৷ আক্ৰমণত দুই গৃহৰক্ষী জোৱান, এজন ধৰ্মগুৰুসহ ছয়জন লোক নিহত হয়। সাম্প্ৰদায়িক হিংসাত জড়িত থকা ২১৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কমেও ১০৪ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme