1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2024, 4:07 pm
Trending:
কনজাংটিভাইটিছৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এইসমূহ উপায় আৰু দূৰত থাকক চকুৰ সমস্যাৰ পৰা আপোনাৰ নখকেইটা ধুনীয়া কৰি ৰাখিবলৈ মানি চলক কিছু ঘৰুৱা নিয়ম! পনীৰ প্ৰিয় যদি জানি লওঁক কিদৰে চিনাক্ত কৰিব প্ৰকৃত আৰু নকল পনীৰ! ভাৰতৰ সৰ্বোচ্চ ৰে’ল ষ্টেচনটো, য’ত শিৰৰ ওপৰত থাকে ডাৱৰ জন উইক’ নিৰ্মাতাই ক্ৰয় কৰিলে কৰণ জোহৰৰ ‘কিল’ ছবিৰ হলিউডৰ ৰিমেক ৰাইট। সনাতন ধৰ্মত জগন্নাথ ৰথ যাত্ৰাৰ আছে এক বিশেষ তাৎপৰ্য! আপুনি জানেনে আপোনালৈ হোৱাটছ এপত পঠোৱা ভিন্নৰঙী ‘LOVE EMOJI’য়ে কি কি বুজায়? অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত উপস্থিত ৰোহিত-হাৰ্দিক-সূৰ্যক কাষত লৈ আবেগিক নীতা আম্বানী! এই ৫ বিধ খাদ্যই আপোনাক নিৰোগী ৰখাত কৰিব সহায় কিয় চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে AI ৰবটে?

বিতৰ্কিত ৰিয়েলিটি শ্ব’ বিগ বছ, বিবি-১৫ ৰ প্ৰতিযোগীৰ বিৰুদ্ধে গোচৰ…

  • Update Time : Wednesday, December 8, 2021

ডিজিটেল ডেস্কঃ ওমৰ ৰিয়াজ, বিগ বছ-১৫ ৰ এজন লেখত ল’বলগীয়া প্ৰতিযোগী। বিগ বছ ১৩ ত সকলোৱে আদৰি লোৱা এজন প্ৰতিযোগী হৈছে আছিম ৰিয়াজ। আছিম ৰিয়াজৰ জেষ্ঠ ভাতৃ ওমৰ ৰিয়াজে এইবাৰ বিগ বছ-১৫ ৰ প্ৰতিযোগীতাত ভাগ লৈছে।কিন্তু বিবি হাউচত থকা অৱস্থাতে বিতৰ্কত সোমাই পৰিছে ওমৰ। ওমৰৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ।

ফৈজান আনচাৰী নামৰ এজন ডিজাইনাৰে ওমৰৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। ডিজাইনাৰ আনচাৰীয়ে ৰুজু কৰা গোচৰত তেওঁ উল্লেখ কৰিছে যে ওমৰে তেওঁ ডিজাইন কৰা কাপোৰ পৰিধান কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে কিন্তু ফটোখনৰ সৈতে তেওঁ ডিজাইনাৰৰ নাম তথা ব্ৰেণ্ডটোৰ নাম উল্লেখ কৰা নাই।

উল্লেখ্য যে ওমৰ ৰিয়াজ পূৰ্বতে বিবি হাউছৰ এজন দূৰ্বল প্ৰতিযোগী হিচাপে অভিহিত হৈছিল যদিও দিনকদিনে বৃদ্ধি হৈছে তেওঁৰ অনুৰাগীৰ সংখ্যা লগতে বিবি হাউছতো পাৰদৰ্শীতা দেখুওৱাবলৈ সক্ষম হৈছে ওমৰে। বিবি-১৫ ৰ ট্ৰফীও ওমৰৰ হাতলৈকে যাব নেকি বুলি চৰ্চা চলি থকাৰ মাজতে ওমৰ বিৰুদ্ধে উত্থাপিত হোৱা এই অভিযোগে প্ৰভাৱ পেলাব নেকি ওমৰৰ যাত্ৰাপথত সেই লৈয়ো এতিয়া একাংশ নেটিজেনে চৰ্চা কৰা পৰিলক্ষিত হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme