1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:35 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

মই ধুনীয়া বাবে মোক চাবলৈ আমাৰ দোকানলৈ মানুহ নাহে…

  • Update Time : Saturday, August 5, 2023

ডিজিটেল ডেস্কঃ স্পাইৰেল আলু (spiral patato) বিক্ৰী কৰি সামাজিক মাধ্যমৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা দীঘলীপুখুৰীৰ মানস আৰু মনীষাক হয়তো নতুনকৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে এতিয়া নিতৌ মানস-মনীষাৰ দোকানত গ্ৰাহকৰ দীঘলীয়া লাইন। আনকি এই দোকানৰ বাবে দীঘলীপুখুৰীত কেইবাদিনো তীব্ৰ যান-যটৰ সমস্যাও উদ্ভৱ হৈছে!

বিপুল জনপ্ৰিয়তা লাভ কৰাৰ পিছতে একাংশই সামাজিক মাধ্যমত বিভিন্ন ধৰণে ট্ৰল কৰা দেখা গৈছে মানস আৰু মনিষাক। বহুতে কৈছে যে, আলুৰ বাবে নহয় মনিষা দেখাত ধুনীয়া বাবেই এনেদৰে গ্ৰাহকৰ লাইন লাগিছে। সামাজিক মাধ্যমত এই বিষয়টো তীব্ৰ চৰ্চা হোৱাৰ পাছত শেহতীয়াকৈ মনিষাই এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া দিছে।

মনীষাই এই বিষয়টোৰ ওপৰত কয়- মই ধুনীয়া বাবে নহয়। আমি spiral patato সোৱাদ লগাকৈ বনাও কাৰনেই গ্ৰাহক আহে। এদিন বাৰু মোক চাবলৈ আহিলেই। কিন্তু আমাৰ এনেকুৱা বহু গ্ৰাহক আছে যি সদায় আহে আৰু তেওঁলোকে এই spiral patatoৰ সোৱাদক লৈ আমাক প্ৰশংসা কৰে। গতিকে এনেবোৰ কথা একেবাৰে অৰ্থহীন।

উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ বিক্ৰীৰ পৰিমাণ বহু বাঢ়িছে মানস আৰু মনীষাৰ।  এটা মাহত মানস আৰু মনিষাৰ উপাৰ্জন ৬লাখ টকা বুলিও চৰ্চা হৈছে। এক হিচাপ অনুসৰি ফুটপাথত আলু বেচি এদিনত ২০হাজাৰ টকা উপাৰ্জন কৰি আছে মানস আৰু মনিষাই। এদিনত প্ৰায় ৫০০আলু স্পাইল কৰি বিক্ৰী কৰে মানস আৰু মনিষাই। প্ৰতিটো আলুৰ দাম যদি ৪০টকাৰ পৰা ৭০টকাকৈ বিক্ৰী কৰে মানস আৰু মনিষাই।

এটা আলুত যদি নুন্যতম ৪০টকাকৈ ধৰা হয় তেন্তে এটা দিনত ২০হাজাৰৰো অধিক টকা উপাৰ্জন কৰি আছে মানস আৰু মনিষাই। এই হিচাপত মানস আৰু মনিষাৰ এটা মাহৰ উপাৰ্জন প্ৰায় ৬লাখ টকা।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme