ডিজিটেল ডেস্কঃ বিগত চাৰিটা দশকত সম্ভৱ নোহোৱা অসম্ভৱক সম্ভৱ কৰি দেখুৱাইছে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই৷ বিগত চাৰিটা দশকত মথাউৰি ছিগি অসমৰ বিভিন্ন প্ৰান্তত জলপ্ৰলয়ৰ সৃষ্টি হৈছিলষ ধেমাজি, মাজুলী, লখিমপুৰ বছৰৰ ছয়মাহ বানত ডুবি আছিল৷ কিন্তু বিগত দুটা বছৰত অসমৰ ভগ্ন মথাউৰিসমূহে দ্ৰত গতিত কটকটীয়া কৈ নিৰ্মাণ কৰি বানৰ পৰা ৰক্ষা কৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই৷ বিগত দুটা বছৰত মথাউৰি ছিগি তেনে জলপ্ৰলয়ৰ সষ্টি হোৱা পৰিলক্ষিত হোৱা নাই৷
ধেমাজি, মাজুলী, লখিমপুৰত বানৰ তাণ্ডৱ হোৱা নাই৷ ইয়াৰ অন্তৰালত জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ তৎপৰতা জড়িত হৈছে৷ দিনে-নিশাই অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ তাঁতবাটি কাঢ়ি মথাউৰি নিৰ্মাণৰ বুজ লৈছে৷ বিষয়া-ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ হৈছে৷ সময় মতে মথাউৰি নিৰ্মাণ সমাপ্ত কৰিব নোৱাৰিলে ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ হৈছে৷ বিষয়া-অভিযন্তাৰ সৈতে বৈঠক পাতি দিনে নিশাই মানুহৰ জীৱন-সম্পত্তি ৰক্ষাৰ হকে সেৱা কৰি গৈছে মন্ত্ৰী পীয়ুষ হাজৰিকাই৷ আজি পুনৰ জনতা ভৱনত বিভাগীয় কামৰ পৰ্যালোচনা কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই৷ অঞ্চলসমূহৰ অৰ্থনৈতিক উন্নয়নৰ ওপৰত গুৰুত্ব দি পৰিকল্পিতভাৱে মথাউৰি-শ্লুইছগেট নিৰ্মাণৰ প্ৰকল্প প্ৰস্তুত কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে মন্ত্ৰী পীয়ুষ হাজৰিকাই৷
বৈঠকখনত বিগত সময়ৰ বিভাগীয় কামসমূহৰ পৰ্যালোচনা কৰাৰ লগতে চলিত বৰ্ষত কৰিব লগা বিভিন্ন কামৰ বিষয়ে আলোচনা কৰা হয়৷ মথাউৰি নিৰ্মাণ আৰু আন সুৰক্ষা ব্যৱস্থাৰ কামসমূহ কেনেধৰণৰ আঁচনিৰ অধীনত কৰা হ’ব সেই বিষয়ে আজি আলোচনা কৰাৰ লগতে প্ৰকল্পসমূহৰ আনুমানিক ব্যয়ৰ প্ৰাককলন প্ৰস্তুত বিষয়তো আলোচনা কৰা হয়৷ মন্ত্ৰীগৰাকীয়ে উপস্থিত থকা মুখ্য অভিযন্তা আৰু আন বিভাগীয় অভিযন্তাসকলক উদ্দেশ্যি কয় যে প্ৰাককলন প্ৰস্তুতৰ ক্ষেত্ৰত যাতে চৰকাৰী পুঁজিৰ সঠিক ব্যৱহাৰ হয় আৰু অনাহকতে অধিক টকাৰ প্ৰাককলন প্ৰস্তুত কৰা নহয় তাৰ ওপৰত সকলোৱে গুৰুত্ব প্ৰদান কৰক৷ আজিৰ বৈঠকতে এই বৰ্ষত মথাউৰিসমূহ বহল কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব বুলি আলোচনা কৰি মাথো শেহতীয়াকৈ ওপৰেৰে নদীৰ পানী বৈ যোৱা মথাউৰিৰ অংশসমূহ ওখ কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷
পৰিকল্পিত মথাউৰি আৰু শ্লুইছগেটে অঞ্চলসমূহক সুৰক্ষা প্ৰদান কৰাৰ লগতে আৰ্থ-সামাজিক উন্নয়নতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে মন্ত্ৰী হাজৰিকাই। বিগত সময়ত লাহৰীঘাটত নিৰ্মাণ কৰা মথাউৰি আৰু শ্লুইছ্ গেটে একোটা বৃহত্তৰ অঞ্চলক বানৰ প্ৰকোপৰ পৰা ৰক্ষা কৰাৰ ফলত মৰিগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চলৰ লোকৰ বাবে এতিয়া কৃষি-কৰ্ম সহজ হৈ পৰা বুলিও কয় মন্ত্ৰী হাজৰীকাই৷ বিগত সময়চোৱাত মাজুলীত নিৰ্মিত প্ৰায় ৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিয়ে এক বৃহৎ অঞ্চলত কৃষি-কৰ্ম সূচল কৰি তুলিছে বুলিও তেওঁ উল্লেখ কৰে।
এনেদৰে মথাউৰি আৰু শ্লুইছগেটসমূহ পৰিকল্পিতভাৱে সম্পূৰ্ণ কৰি তোলাৰ ফলত অঞ্চলসমূহৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুত হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই এই বৰ্ষও ইয়াৰ প্ৰতি লক্ষ ৰাখি পৰিকল্পিতভাৱে মথাউৰি আৰু শ্লুইছ গেট নিৰ্মাণৰ প্ৰকল্প প্ৰস্তুত কৰিবলৈ বিভাগক নিৰ্দেশনা প্ৰদান কৰে। আনহাতে বিভাগীয় কামৰ মানৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰিবলৈ অভিযন্তাসকলক নিৰ্দেশনা প্ৰদান কৰি মন্ত্ৰী হাজৰিকাই কামত গাফিলতি কৰা ঠিকাদাৰসকলৰ ক্ষেত্ৰত প্ৰয়োজনসাপেক্ষে কঠোৰ হ’বলৈও আহ্বান জনায়৷