1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 2:02 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ভোট বিচাৰি গ’লেই এইবাৰ নাওবৈচাত পশুখেদা খাব ভৰত নৰহে…

  • Update Time : Wednesday, August 2, 2023

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ আগত সমষ্টিবাসীক আগত লৈ বৰ বৰ কথা কোৱা নাওবৈচাৰ বিধায়ক ভৰত নৰহক লৈ তীব্ৰ ক্ষোভ বানপীড়িত ৰাইজৰ। বিপদৰ সময়ত সমষ্টিবাসীৰ কাষত কিয় নাই বুলি প্ৰশ্ন কৰি এইবাৰ ভোট বিচাৰি গলে পশুখেদা দিয়াৰো হুংকাৰ প্ৰদান কৰে ৰাইজে।

উল্লেখ কৰা প্ৰয়োজন যে,  লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ বালিচাপৰি আৰু কঠালগুৰিত ভয়ংকৰ গৰা খহনীয়া অব্যাহত আছে ৷  ইতিমধ্যে বহুকেইটা পৰিয়ালে ঘৰ ভেটি হেৰুৱালে ডিক্ৰংৰ গৰাখহনীয়াত ৷ বহুকেইটা পৰিয়ালে হেৰুৱালে সাতাম পুৰুষীয়া মুল্যবান গছ গছনিৰে ভৰপুৰ একো একোখন বৃহৎ বাৰী৷

নদীখনৰ এই গৰাখহনীয়া অব্যাহত থাকিলে অচিৰেই বিপদ আহিব কঠালগুৰি মঠাউৰীলৈ ৷ এই ভয়ংকৰ গৰাখহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে কেৱল জেং আৰু বাঁহৰ গোজ কেইটামান দি দায়িত্ব সামৰিছে ৷  নাওবৈচা সমষ্টিৰ বিধায়ক ভৰত চন্দ্ৰ নৰহৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ স্হানীয় ৰাইজৰ।

মাত্ৰ নিৰ্বাচনৰ সময়ত ভোট বিছাৰি অহাৰ বাহিৰে কেনোদিন উপস্থিত নহয় উক্ত স্হানত । একমাত্ৰ সংবাদমাধ্যমক দোষ জাপি দি দায়িত্ব সামৰে বিধায়ক ভৰত চন্দ্ৰ নৰহে। অকমন্য বিধায়ক জন পুণৰ ভোট বিছাৰি আহিলে পহুখেদা দিয়াৰ হুমকি স্হানীয় ৰাইজৰৰ।  অতি কম সময়ৰ ভিতৰত বৈজ্ঞানিক পদ্ধতিৰে বান প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰি দিবৰ বাবে ৰাইজে দাবী তোলে।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme