1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 9:46 am

ভুপেন বৰাক প্ৰভুয়ে সুমতি দিয়কঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা…

  • Update Time : Saturday, July 29, 2023

ডিজিটেল ডেস্কঃ সকলো ৰাজনৈতিক প্ৰসংগতে শাস্ত্ৰ, গীতাৰ বাণীৰে উপচাই পেলোৱা ভুপেন বৰা শেহতীয়াকৈ নিজৰ মুখৰ কথাৰ বাবেই শলঠেকত পৰিল। শ্ৰীকৃষ্ণক লাভ জেহাদী সজাই এতিয়া সৰ্বত্ৰে গৰিহণাপ্ৰাপ্ত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে যোৱা শুকুৰবাৰে সকলোকে ক্ষমা খুজি বৰ্তমান দিল্লীত বাহৰ পাতি আছে ভূপেন বৰাই।

শনিবাৰে পুৱা ভাগতে এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সামাজিক মাধ্যমত এটা পোষ্ট লিখে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বৰুৱাই ভুপেন বৰাক তীব্ৰ কটাক্ষ কৰি আওপকীয়াকৈ বিৰ্ধমী, কুলাংগাৰ বুলিও অভিহিত কৰে। বৰুৱাই পোষ্টটোত লিখিছে এইদৰে-

স্বজাতি, স্বধৰ্ম আৰু স্বদেশক লৈ গৌৰৱ কৰিব নজনা জন জাতিৰ বাবে কুলাংগাৰ। বিধৰ্মী বিদেশী মূলৰ আৰু বৰ্ণ -সংকৰৰ গোলাম হিচাপে কাম কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে আত্মাভিমান হেৰুৱাই পেলাইছে। সনাতনীৰ বাবে দুৰ্ভাগ্য, নিজৰ মানুহেই আমাৰ উপাস্য দেৱতাৰ আগত ক্ষমাহীন বিশেষণ লগালেও আমাৰ প্ৰতিবাদ কৰাৰ সাহস নাই। কিন্তু ঐক্যবদ্ধ ইছলাম বা খ্ৰীষ্টিয়ানৰ পৰা আমি এই বিষয়ত শিক্ষা লোৱা উচিত। মোগল আৰু ব্ৰিটিছৰ গোলাম হৈ আত্মগৌৰৱ পাহৰি পেলোৱা আৰু নিজৰ ক্ষুদ্ৰ সিদ্ধিৰ বাবে সনাতনী হৈয়ো নিজৰ উপাস্যজনকেই উপলুঙা কৰা হিন্দু নামধাৰী এইসকল লোকক প্ৰভু ভগৱন্তই সুমতি দিয়ক।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme