1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 5:59 pm

নতুন কাপোৰ পিন্ধি ওলাই যাওতে লগত এটা ছাতি নিনিলে আপোনাৰ বিপদ অনিবাৰ্য…

  • Update Time : Sunday, July 23, 2023

ডিজিটেল ডেস্কঃ আজি ২৩জুলাই। অহা ২৫জুলাইৰ লৈকে আপুনি লগত এটা ছাতি নিনিয়াকৈ কলৈকো ওলাই নাযাব। কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি, ২৫জুলাইৰ লৈকে অসমকে ধৰি উত্তৰ-পূবৰ প্ৰায়কেইখন ৰাজ্যত প্ৰৱল বৃষ্টিপাত অব্যাহত থাকিব।

আগন্তুক ২৫ জুলাইলৈ অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত বিচ্ছিন্ন ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দেওবাৰে অৰ্থাৎ ২৩ জুলাইত নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে। এই ৰাজ্যসমূহত IMDএ হালধীয়া সতৰ্কতাৰে স্থানীয় বতৰৰ পৰিস্থিতিৰ বিষয়ে সজাগ হ’বলৈ আহ্বান জনাইছে।

গুৱাহাটীকে আজি ৰাজ্যৰ মুখ্য চহৰসমূহৰ সৰ্বোচ্চ তাপমান গুৱাহাটীত ৩৪ ডিগ্ৰী, শিলচৰত ৩৫ ডিগ্ৰী, গোৱালপাৰাত ৩২ ডিগ্ৰী, গোলাঘাটত ৩৩ ডিগ্ৰী, যোৰহাটত ৩৩ ডিগ্ৰী আৰু লখিমপুৰত ৩৩ ডিগ্ৰী হ’ব পাৰে। অসমৰ এই মুখ্য চহৰসমূহত আজি কম-বেছি পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে। গুৱাহাটীত ৯৬ শতাংশ, শিলচৰত ৯৬ শতাংশ, গোৱালপাৰাত ৯০ শতাংশ, গোলাঘাটত ৭৩ শতাংশ, যোৰহাটত ১০০ শতাংশ আৰু উত্তৰ লখিমপুৰত ৯০ শতাংশ বৰষুণৰ সম্ভাৱনা আছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme