1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 6:19 pm

সভাপতি হটাও! অচিৰেই হয়তো ‘মিলন’ৰ বেলিমাৰ…

  • Update Time : Saturday, July 22, 2023

ডিজিটেল ডেস্কঃ কল ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতে ন ন তথ্য পোহৰলৈ আহিছে আটাছুৰ বৰ্তমানৰ সভাপতিৰ দায়িত্বত থকা মিলন বুঢ়াগোহাঁইৰ। বিজেপিৰ টিকট প্ৰদানৰ মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিবলৈ গৈ ধনৰ অংক কৰা মিলন বুঢ়াগোহাঁইক লৈ অচিৰেই আটাছুয়ে ল’ব পাৰে এক কঠোৰ সিদ্ধান্ত।

সভাপতি পদৰ পৰা অচিৰেই অপসাৰণ কৰিব পাৰে মিলন বুঢ়াগোহাঁইক।  প্ৰাপ্ত তথ্য অনুসৰি, ২২জুলাই ২০২৩ত আটাছুৰ কেন্দ্ৰীয় নেতৃত্বৰ জৰুৰী কাৰ্যনিৰ্বাহক আহ্বান কৰা হৈছে। এই বিষয়টোক লৈ পুংখানুপুংখভাৱে আলোচনা কৰাৰ লগতে মিলন বুঢ়াগোহাঁইক লৈও সংগঠনটোৰ নেতৃত্বই আলোচনা কৰিব এই সভাখনত।

ইফালে কেইবাটাও কল ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পাছতো নিজকে নিদোৰ্ষী বুলি ফেচবুকত পোষ্ট কৰিছে মিলন বুঢ়াগোহাঁইয়ে। মিলন বুঢ়াগোহাঁইৰ সৈতে ৰেকৰ্ডিঙটোত বাৰ্তালাপত মিলিত হোৱা বিজেপি নেতা লাচিত গগৈক গ্ৰেপ্তাৰ কৰিছে ডিফু আৰক্ষীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme