1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 6:39 pm

অসমীয়াগিৰিঃ চন্দ্ৰযান-৩ৰ উৎক্ষেপন পৰিচালনা কৰিব অসমৰ চয়ন দত্তই…

  • Update Time : Thursday, July 13, 2023

ডিজিটেল ডেস্কঃ প্ৰতিগৰাকী অসমীয়াৰ বুকু উথলি উঠা এটা খবৰ।  প্ৰতিগৰাকী অসমীয়াৰ অসমীয়াত্বক লৈ গৌৰৱ কৰাৰ এটা ক্ষণ। চন্দ্ৰযান-৩ৰ দৰে এটা বিশাল অভিযানৰ গুৰু দায়িত্ব এগৰাকী অসমীয়াৰ কান্ধত। তেওঁৰ নাম হৈছে- চয়ন দত্ত। চন্দ্ৰযান-৩ৰ উতক্ষেপন অভিযানৰ পৰিচালনা কৰিব উত্তৰ লখিমপুৰৰ সন্তান চয়ন দত্তই। ইতিমধ্যে এই অভিযানৰ উপসঞ্চালক হিচাপে নিয়োগ কৰা হৈছে অসম সন্তানগৰাকীক।

মহাকাশ বিভাগৰ UR ৰাও চেটেলাইট চেন্টাৰত বিজ্ঞানী আৰু অভিযন্তা হিচাপে বৰ্তমান কৰ্মৰত দত্ত। তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্টনিক্স আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ  প্ৰাক্তন ছাত্ৰ দত্তৰ ওপৰত ন্যস্ত কৰা হৈছে ‘অন বৰ্ড কমাণ্ড টেলিমেট্ৰি, ডাটা হেণ্ডলিং এণ্ড ষ্টৰেছ চিষ্টেম লেণ্ডাৰ, চন্দ্ৰযান-৩ৰ প্ৰকল্প সঞ্চালকৰ দায়িত্ব।

অহা ২৪জুলাই ইছৰোয়ে ভেলিকেল মাৰ্ক-১ত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা দেশৰ তৃতীয়া চন্দ্ৰাভিযান চন্দ্ৰযান-৩ৰ উতক্ষেপৰ সকলো ব্যৱস্থা কৰিছে। সমগ্ৰ বিশ্বৰে দৃষ্টি নিৱদ্ধ হৈ থকা এই গধুৰ তথা বিশাল অভিযানৰ দায়িত্ব লাভ কৰি চয়ন দত্তই কয়-  এই দায়িত্ব নিষ্ঠােৰে ৰূপায়ন কৰিবলৈ পাই মই ধন্য হৈছো। সংশ্লিষ্ট সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই অভিযান আমাৰ দেশ আৰু বিশ্বৰ বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুটিঁ হিচাপে বিবেচিত হ’ব।’

উল্লেখ কৰা প্ৰযোজন যে, এই দলটোৰ লগতে অসম সন্তান চয়ন দত্তক শুভেচ্ছা জ্ঞাপন কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভুনাথ সিঙে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme